নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুগ্ধ উন্নয়ন তথা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উচ্চপদস্থ বিষয়াৰ লগত মন্ত্ৰী অতুল বৰাৰ বৈঠক

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ  আজি জনতা ভৱনৰ সভাকক্ষত দুগ্ধ উন্নয়ন তথা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন যুটীয়া বৈঠকত মিলিত  হয় কৃষি মন্ত্ৰী অতুল বৰা।
এই   বৈঠক খনত বিভাগৰ প্ৰতিষেধক উৎপাদন লেবৰেটৰীটোৰ আধুনিকীকৰণ, দ্ৰৱ্য প্ৰস্তুতকৰণ গৱেষণাগাৰ আৰু এখন ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয় স্থাপনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে মন্ত্ৰী গৰাকীয়ে।
তদুপৰি, পশুপালন তথা দুগ্ধজাত সামগ্ৰী বিভাগৰ  কেন্দ্ৰীয়মন্ত্ৰী  পুৰুষোত্তম ৰূপালা  আগন্তুক অসম ভ্ৰমণ আৰু আগন্তুক অনুষ্ঠিত হ’বলগীয়া পশুধন প্ৰদৰ্শনী অনুষ্ঠানটিৰ প্ৰস্তুতি সন্দৰ্ভতো বুজ লয়। লগতে দুয়োটা বিভাগকে প্ৰদৰ্শনীখন সৰ্বাংগসুন্দৰ কৰি তুলিবলৈ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।
আজিৰ এই  বৈঠক খনত অসম পশুধন আৰু হাঁহ কুকুৰা উন্নয়ন নিগমৰ অধ্যক্ষ শ্ৰী মনোজ শইকীয়া, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব শ্ৰী আশিস ভূটানী, সচিব তথা সঞ্চালিকা শ্ৰী ইন্দিৰা কলিতা, কৃষি বিভাগৰ সচিব শ্ৰী অনন্তলাল জ্ঞানী, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যুটীয়া সচিব শ্ৰী অঞ্জনাভ চলিহা, দুগ্ধ উন্নয়ন সঞ্চালক শ্ৰী উৎপল শৰ্মা প্ৰমুখ্যে দুয়োটা বিভাগৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে।
You might also like