নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাৰ বেদখল : নগা প্ৰশাসনৰে আলোচনা অসমৰ প্ৰশাসনিক বিষয়াৰ

বিশেষ বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ যোৰহাট জিলাৰ মৰিয়নিৰ অসম নগালেণ্ড সীমান্তৱৰ্তী সংৰক্ষিত বনাঞ্চলসমূহত নগাৰ শেন চকু পৰিয়েই আছে। যিকোনো প্ৰকাৰে অসমৰ মাটি বেদখলত নামি পৰিছে নগা। কালি নাগাজাংকা চাহ বাগিচাৰ কাষৰে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগা দুৰ্বৃত্তই বেদখলৰ প্ৰচেষ্টাৰে কাটি জ্বলাই বিস্তৃত বনভূমি ধ্বংস কৰাৰ পিছত সৃষ্টি হোৱা প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। নাগাজাংকা চাহ বাগিচাৰ বৰ লাইনৰ পৰা মাত্ৰ ১ কিলোমিটাৰ আঁ‌তৰতে ৩০-৪০ জনীয়া নগা দুৰ্বৃত্তৰ এটা দলে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ হাবি জংঘল কাটি তহিলং কৰি তাত অগ্নিসংযোগ কৰে। ইয়াৰ পিছতেই স্থানীয় লোকৰ লগতে মৰিয়নিৰ আৰক্ষী আৰু বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ উমান পাই নগা দুৰ্বৃত্তৰ দলটো পলাই যায় । আনকি নগাৰ দলটো অহা এখন বাহন এৰি থৈ যায়। মৰিয়নিৰ বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত আৰু নিউ সোনোৱাল খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ এলেকাধীন উক্ত অঞ্চলত নগা দুৰ্বৃত্তই চলোৱা বেদখলৰ ঘটনাত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পিছত প্ৰশাসনৰ গা লৰে। আজি তিতাবৰ মহকুমাৰ মহকুমাধিপতি ৰাহুল কুমাৰ গুপ্তা, সীমান্ত দণ্ডাধীশৰ দায়িত্বত থকা ডাঃ বিশ্বজিত বৰা, মৰিয়নিৰ বনাঞ্চলিক বিষয়া অনিমেষ কলিতা, মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথ, নিউ সোনোৱাল খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ খণ্ড বন বিষয়া ভাস্কৰ বৰগোঁ‌হাই আদি প্ৰশাসন, আৰক্ষী আৰু বন বিভাগৰ লোকসকল ঘটনাস্থলীৰ পৰা নাতিদূৰৈৰ জানখনা জানৰ সমীপত অৱস্থান কৰে। আনহাতে, নগালেণ্ডৰ পৰাও এটা দল আহি অসমৰ দলটোৰ সৈতে অনানুষ্ঠানিক আলোচনাত মিলিত হয়। নগালেণ্ডৰ দলটোত চুবুৰীয়া ৰাজ্যখনৰ প্ৰশাসনৰ চাদেম কেবা আৰু লেন চান’ক নামৰ দুজন বিষয়াৰ ওপৰিও আন এজন বিষয়াও উপস্থিত আছিল। দুয়োপক্ষৰ মাজত এক সৌহাৰ্দ্যপূৰ্ণ আলোচনা হয় যদিও কোনো সমাধান নোলাল। জানিব পৰা মতে, নগালেণ্ডৰ দলটোৱে নগালেণ্ডৰ আগন্তুক বিধান সভাৰ নিৰ্বাচন সম্পন্ন নোহোৱালৈকে এই ক্ষেত্ৰত কোনো জটিল সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ অসমৰ দলটোক অনুৰোধ জনায়। ইফালে, জানখনা জানৰ সমীপত নগা দলটোৰ সৈতে অনানুষ্ঠানিক আলোচনাত মিলিত হোৱাৰ পিছতেই অসমৰ প্ৰশাসনৰ দলটো উক্ত ঠাইৰ পৰা উভতি আহে। কিন্তু নগাই কালি বেদখল চলোৱাৰ উদ্দেশ্যে গছ গছনি কাটি তহিলং কৰা স্থানলৈ অসমৰ প্ৰশাসনৰ দলটো নগ’ল। অসমৰ প্ৰশাসনীয় দলটোৰ এনে কাৰ্য্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে, প্ৰশাসনৰ এক সূত্ৰই এইয়া অসমৰ এক নিয়মীয়া পৰিদৰ্শন বুলিহে ক’ব খোজে যদিও দলটোৱে বেদখলৰ উদ্দেশ্যে গছ কাটি তহিলং কৰা স্থানলৈ দলটো নগ’লেই। অসমৰ সীমামূৰীয়া অঞ্চলৰ জনসাধাৰণ আৰু সা-সম্পত্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত অসম চৰকাৰ প্ৰকৃততেই কিমান দায়িত্বশীল সেই কথা এনেবোৰ কাৰ্য্যই প্ৰমান কৰে বুলি সচেতন ৰাইজে মত প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, কালি হাতে হাতে দা কুঠাৰ লৈ অসমৰ সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰি নগা দুৰ্বৃত্তৰ এটা দলে প্ৰায় দুই হেক্টৰ মাটিকালিৰ বন এফালৰ পৰা ধ্বংস কৰে। বন বিভাগৰ সূত্ৰ মতে সেই স্থানত বন বিভাগে গছ পুলি ৰোপণ কৰাৰ ওপৰিও বাঁহ ৰুইছিল। চৰকাৰী আঁ‌চনিৰ জৰিয়তে গছ পুলি আৰু বাঁহ ৰোপণ কৰা স্থানত নগা দুৰ্বৃত্তই বেদখল কৰা কাৰ্য্যই আন এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তাৰোপৰি জানখনা জান পাৰ হোৱাৰ পিছত নগা দুৰ্বৃত্তৰ দলটোৱে অসমৰ সংবাদকৰ্মী আৰু স্থানীয় লোকসকলকলৈ দা টোঁ‌ৱাই ভাবুকি প্ৰদান কৰিছিল। ইয়াৰ পিছতো অসমৰ প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাতো চৰম পৰিতাপৰ কথা হৈ পৰিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like