নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়াও পথ-দলং : বকোত সুদূৰপৰাহত ডিজিটেল ইণ্ডিয়াৰ স্বপ্ন

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ কামৰূপ জিলাৰ বকো উন্নয়ন খণ্ডৰ এলেকা ১০নং দক্ষিণ বকো গাওঁ পঞ্চায়তৰ অধিনৰ কালিয়াবড়ী গাওঁৰ মাজেদি যোৱা গ্ৰাম্য পথটোৰ অৱস্থা আজিও পয়ালগা। কোনো পক্ষই কাহানিও গুৰুত্ব আৰোপ নকৰা পথ এই পথটো আধুনিকীকৰণ কেতিয়া কৰিব এয়া পথটোৰে যাতায়াত কৰা লোকৰ মুখে মুখে। উল্লেখ্য যে দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ অতিক্ৰম কৰিছে। দেশৰ স্বাধীনতাৰ বিজয় উৎসৱ হিচাপে হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰি আজাদী কা অমৃত মহোৎসৱ অনুষ্ঠিত কৰি বহু হাজাৰ কোটি টকাৰ শৰাধ কৰা হ’ল। কোটি কোটি টকা ৰাজভড়ালৰ পৰা খৰচ কৰা হ’ল কিন্তু জনসাধাৰণৰ সমস্যা সমস্যা হৈয়ে থাকিল। ইফালে বকো বজাৰৰ পৰা মাত্ৰ এক কিলোমিটাৰ নিলগৰ পথটোত স্বাধীনোত্তৰ কালৰ পৰাই মেৰামতি কৰা নহ’ল। ইফালে ৰাইজৰ অভিযোগ যে দেশৰ প্ৰধান মন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়াৰ আধুনিক উন্নয়ণৰ সময়তো বকোৰ কালিয়াবড়ী গাওঁৰ মাজেদি যোৱা পথটো যাতায়াতৰ ক্ষেত্ৰত মৰণফান্দসদৃশ। সুদীৰ্ঘ বছৰে জলা কলা খুৱাইছে পথটোৱে। আনহাতে ৰাজ্য চৰকাৰে কেৱল হিতাধিকাৰী সৃষ্টি কৰি চমক দেখুৱাই আহিছে। উন্নয়ণৰ শ্লোগান দিয়ে কিন্তু উন্নয়ণ ক’ত কৰে বুলি আজি কালিয়াবড়ী গাওঁৰ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। বকো বজাৰৰ গাতে লাগি থকা অতি দৰকাৰী পথটো আধুনিকৰণ নহোৱাত চৰকাৰক ধিক্কাৰ দিয়ে পথচাৰীয়ে। ইফালে বকোৰ বিধায়িকা, পঞ্চায়তৰ সভাপতি অথৱা ৱাৰ্ড সদস্যয়ো চকুৰে নেদেখা পথটো অতি দৰকাৰী। অঞ্চলটোৰ অজশ্ৰ জনতা যাতায়ত কৰা পথটো আজিলৈকে তিলমানো উন্নত নহোৱাত ক্ষোভিত হৈছে কালিয়াবড়ী গাঁৱৰ ৰাইজ।পথটোৰ দুৰৱস্থাৰ চবি সঘনাই বাতৰিৰ শিৰোনামা দখল কৰি অহা বাবে ৰাজ্য চৰকাৰৰ সংসত জনজাতি উন্নয়ণ প্ৰকল্পৰ অধ্যক্ষা লাৱন্য বড়োই দায়িত্ব পোৱাৰ পিছতেই চৰজমিন তদন্ত কৰি পথটোৰ উন্নয়ণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। আনহাতে বকো উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া অৰ্ণৱ কুমাৰ বৰুৱাই বোকা পানী গছকি, ঠায়ে ঠায়ে জপিয়াই জপিয়াই চাই অহাৰ পিছতো পথটোৰ উন্নয়ণ অথবা আধুনিকীকৰণ নহ’ল। কিন্তু ৰাজ্য চৰকাৰে দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া বিজয় উৎসৱ উপলক্ষে হীৰক জয়ন্তী বৰ্ষৰ আজাদী কা অমৃত মহোৎসৱ পালন কৰি চমক দেখুৱাছে। এই চমক অসাৰ প্ৰতিপন্ন হৈছে। পথটোত আজিও এখন কাঠৰ দলঙে ছাত্ৰ ছাত্ৰীৰ যাতায়াতৰ বহন ক্ষমতা ধৰি ৰাখিছে। কিন্তু দলং খনে মৰণফান্দসদৃশ অৱস্থা হৈছে। সেয়েহে সৰ্বাংগীন বিকাশৰ কথা কোৱা চৰকাৰলৈ কালিয়াবড়ী গাঁৱৰ ৰাইজৰ আবেদন এই যে পথটো আধুনিকীকৰণ কৰি দিয়ে।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like