নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নন্দিনী আলোচনীত বিকৃত কৰা হ ল মা দেৱী দুৰ্গাকঃ ওদালগুৰিত বিশ্ব হিন্দু পৰিষদে দাখিল কৰিলে এজাহাৰ

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ বিশিষ্ট লেখিকা মাইনী মহন্তৰ সম্পাদনাত গুৱাহাটীৰ পৰা প্ৰকাশিত নন্দিনী আলোচনীৰ শাৰদীয় সংখ্যাত প্ৰকাশিত এখন ফটোক কেন্দ্ৰ কৰি ওদালগুৰিৰ হিন্দু সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে আলোচনীৰ সম্পাদক মাইনী মহন্তৰ লগতে মডেল শ্বেতা বাসাকৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ওদালগুৰি জিলা বিশ্ব হিন্দু পৰিষদে। ওদালগুৰি জিলা বিশ্ব হিন্দু পৰিষদৰ সাধাৰণ সম্পাদক নৃপেণ শৰ্মাই নেতৃত্বত যোৱা বিশ্ব হিন্দু পৰিষদৰ এটি সঁজাতি দলে ওদালগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত হিন্দু দেৱ-দেৱীক নগ্ন তথা বিকৃত ৰূপত প্ৰকাশ কৰি ধৰ্মীয় অনুভূতিত আঘাত দিয়াৰ অভিযোগত নন্দিনী আলোচনীৰ লগতে মডেলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে।

উল্লেখ্য যে, বিশিষ্ট লেখিকা মাইনী মহন্তৰ সম্পাদনাত গুৱাহাটীৰ পৰা প্ৰকাশিত নন্দিনী আলোচনীৰ ২০২১ চনৰ অক্টোবৰ মাহৰ সংখ্যাৰ ৯৫ নম্বৰ পৃষ্ঠাত প্ৰকাশ পাইছিল মডেল স্বেতা বাসাকৰ এই ফটো। ফটোখন শাৰদীয় দুৰ্গাপূজাৰ শুভেচ্ছা দিবলৈ ব্যৱহাৰ কৰা হৈছে যদিও এক অমাৰ্জিত ৰূপত দেখুওৱা হৈছে মা দেৱী দুৰ্গাক। হিন্দু সমাজৰ আস্থা, বিশ্বাস আৰু উপাসনাৰ অংগ ত্ৰিশূল ধাৰণ কৰি খহি পৰা আঁচলৰ দৰে অমাৰ্জিত ভেশ-ভূষাৰ দ্বাৰা মা দেৱী দুৰ্গাক উপস্থাপন কৰি হিন্দু সমাজৰ আস্থাত আঘাত হনাৰ অভিযোগ কৰিছে বিশ্ব হিন্দু পৰিষদে। উদ্দেশ্য প্ৰমোদিতভাবে হিন্দু সকলৰ পৰম আৰাধ্যা দেৱী মা দুৰ্গাৰ ৰূপ বিকৃত কৰি নন্দিনী আলোচনীত প্ৰকাশৰ জৰিয়তে হিন্দুসকলৰ আস্থাত আক্ৰমণ আৰু ধৰ্মীয় অনুভূতিত আঘাত দিয়াৰ বাবে সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে সামাজিক শান্তি বিগ্নিত হ’ব বুলি আশংকা প্ৰকাশ কৰি উক্ত ঘটনাৰ উচিত তদন্ত কৰি নন্দিনী আলোচনীৰ মুখ্য সম্পাদক মাইনী মহন্তৰ লগতে মডেল শ্বেতা বাসাকৰ বিৰুদ্ধে দৃষ্টান্তমূলক আইনী ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপনেৰে ওদালগুৰি থানাত এজাহাৰ দাখিল কৰিছে বিশ্ব হিন্দু পৰিষদৰ ওদালগুৰি জিলা সমিতি তথা ওদালগুৰি জিলা দুৰ্গা বাহিনীয়ে। ওদালগুৰিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব হিন্দু পৰিষদে পৃথকে পৃথকে এজাহাৰ দাখিল কৰি নন্দিনী আলোচনীৰ সম্পাদক তথা মডেল শ্বেতা বাসাকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে যদিও অসম আৰক্ষীয়ে এই বিষয়ত কেনেদৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়ায় সেয়া লক্ষণীয় হ’ব।

ৰাম উপাধ্যায়, ওদালগুৰি

You might also like