নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাষ্টবিনত পৰিণত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথঃ গড়চুকত বিনষ্ট পৰিবেশ

নিয়মীয়া বাৰ্তা    ০৯ অক্টোবৰ : গুৱাহাটী পৌৰ নিগমৰ দায়িত্বহীনতা আৰু আৰক্ষী-প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ডাষ্টবিনত পৰিণত হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । উল্লেখ যে গড়চুক পুলিচ পইন্টৰ সমীপতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত আৱৰ্জনাৰ পাহাৰ সৃষ্টি হৈছে । স্থানীয় একাংশলোকে জানিবলৈ দিয়ামতে নিশাৰ ভাগত পৌৰ নিগমৰ গাড়ীয়ে পথৰ দাতিত জাবৰ সমূহ পেলায় থৈ যায় ।

জাবৰ কঢ়িওৱা গাড়ীসমূহ পশ্চিম বৰাগাৱৰ নতুন ডাম্পিং গ্ৰাউণ্ডলৈ জাবৰ লৈ যাব লাগে যদিও কিছু বাহনে ডাম্পিং গ্ৰাউণ্ডলৈ যোৱাৰ সলনি পথৰ দাতিতে জাবৰ সমূহ পেলাই থৈ যায় । ফলত গড়চুকৰ পথৰ দাতিত সৃষ্টি হৈছে আৱৰ্জনাৰ পাহাৰ । ৰদে- বৰষুণে আৱৰ্জনাৰ পৰা নিৰ্গত দুৰ্গন্ধই সমগ্র পৰিৱেশটোৱে বিনষ্ট কৰি পেলাইছে । সচেতন লোকসকলে গড়চুকৰ পথৰ দাতিত জাবৰ পেলোৱা বন্ধ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে ।

অমল কলিতা

You might also like