নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ ফুট উচ্চতাৰ ৰাৱণ জ্বলোৱাৰ প্ৰস্তুতি, কিন্তু ক’ত

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ পদূলি মুখত শাৰদীয় দূৰ্গোৎসৱ । আজি সপ্তমী । দেশৰ লগতে ৰাজ্যজুৰি শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি চলিছে । ক’ভিদৰ ভয়াবহতা যথেষ্ট পৰিমাণে কমি অহাৰ ফলত এতিয়া উত্তৰ গুৱাহাটীৰ ভক্ত প্ৰাণ ৰাইজ সাজু হৈছে দেবী দুৰ্গাক আদৰিবৰ বাবে । ইফালে, দুৰ্গা পূজাৰ আয়োজক সমিতি সমূহৰ মাজত ব্যাপক ব্যস্ততা পৰিলক্ষিত হৈছে । সদৌ উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজাই এইবেলি ৪৬ বছৰত ভৰি দিছে । ৫ দিনীয়া কাৰ্যসূচীৰে আয়োজিত ৪৬ সংখ্যক উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গাপূজাৰ এইবাৰৰ মূল আকৰ্ষণ হৈছে ১০০ ফুট উচ্চতাৰ এটা ৰাৱণ ।

গুৱাহাটীৰ “চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়ৰ’ এটা যুৱ শিল্পীৰ দলে নিৰ্মাণ কৰি উলিয়াইছে এই ১০০ফুট উচ্ছতাৰ ৰাৱনৰ মূৰ্তি। যুৱ শিল্পীৰ দলটোত আছে লক্ষীমপুৰৰ সূৰ্য শইকীয়া , দৰং জিলা কুৰুৱাৰ জয়ন্ত ভৰালী , মিৰ্জাৰ অমৰ জ্যোতি দাস , পাৰ্থ জ্যোতি দাস , নুনমাটিৰ ৰূপজ্যোতি ডেকা আৰু উত্তৰ গুৱাহাটীৰ জিতু শেখৰ বৰুৱা । যোৱা এমাহ ধৰি ৰাৱণ নিৰ্মাণত ব্যস্ত হৈ শিল্পীৰ দলটোৱে এই বৃহৎ মূৰ্তিটো নিৰ্মাণ কৰি উলিয়াইছে । পূজা সমিতিয়ে জানিবলৈ দিয়া মতে মূৰ্তিটোৰ বাবে ব্যয় কৰা হৈছে প্ৰায় ডেৰ লাখ টকা । বাহ , কাপোৰ ,কাগজ , ৰং আৰু বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে ৰাৱণ নিৰ্মাণত ।

অহা শুকুৰবাৰে অৰ্থাৎ দশমী পূজাৰ সন্ধিয়া ব্ৰহ্মপুত্ৰৰ পাৰৰ এক মনোৰম প্ৰাকৃতিক পৰিবেশত সম্পন্ন হ’ব ৰাৱণ দাহন কাৰ্যসূচী । উল্লেখ্য, সদৌ উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজাত পূৰ্বেও ৰাৱণ দাহন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল আৰু ৰাৱণ দাহন কাৰ্যসূচীত অংশ ল’ৱলৈ বহু লোকৰ সমাগম হৈছিল । এইবেলিও ৰাৱণ দাহন চাবলৈ বহু লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে । কিন্তু এইবাৰ কাৰ্য্যসূচীত সকলোকে ক’ভিদ প্ৰট’কল মানি চলিবলৈ আহ্বান জনাইছে আয়োজক সমিতিয়ে ।

Input: মুনীন ডেকা

You might also like