নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুদিনীয়া ভ্ৰমণ সূচীৰে শিলচৰত উপস্থিত মুখ্যমন্ত্ৰী ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে দুদিনীয়া কাছাৰ জিলা ভ্ৰমণসূচী লৈ শিলচৰত উপস্থিত হয়। আজি পুৱা কুম্ভীৰগ্ৰাম বিমানকোঠৰ পৰা শিলচৰলৈ অহাৰ পথত মুখ্যমন্ত্ৰীয়ে উদাৰবন্দৰ কাচাঁকান্তি মন্দিৰত পূজা দি মন্দিৰ পৰিদৰ্শন কৰে।

শিলচৰত উপস্থিত হৈ তেওঁ দুপৰীয়ালৈ শিলচৰৰ বিভিন্ন পূজা মণ্ডল দৰ্শন কৰিব। আজি মুখ্যমন্ত্ৰীয়ে শিলচৰ এন আই টিত গছ ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আবেলি ৩ বজাত মুখ্যমন্ত্ৰীয়ে শিলচৰৰ চাৰ্কিট হাউচত ৰাজহ বিভাগৰ বিষয়া আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ’ব।

ইপিনে আজি মুখ্যমন্ত্ৰীয়ে আবেলি ৪ বজাত জিলা উপায়ুক্ত কাৰ্যালয়ৰ ভৱনটোৰ বাবে প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰিব আৰু অন্নপূৰ্ণা ঘাটত বৰাক নদীৰ ওপৰত নিৰ্মীয়মান দলংখন পৰিদৰ্শন কৰিব। সন্ধিয়া ৬ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ মুখ্যমন্ত্ৰীয়ে শিলচৰৰ বিভিন্ন পূজা মণ্ডল পৰিদৰ্শন কৰিব। পিছত ৰাতি ৮ মান বজাত মুখ্যমন্ত্ৰীয়ে আইৰাংমাৰাত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ঘৰলৈ যাব। ইয়াৰ পূৰ্বে, মুখ্যমন্ত্ৰীয়ে তাৰাপুৰত প্ৰাক্তন অধ্যক্ষ বিমল নাথ চৌধুৰীৰ বাসগৃহ পৰিদৰ্শন কৰাৰ কথা আছে।

Inpu: গৌতম তালুকদাৰ

You might also like