নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাঃ খেলুৱৈ সলনিৰ অন্তিম দিন বৃদ্ধি আইচিচিৰ

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ সমাগত টি–২০ বিশ্বকাপৰ বাবে ইতিমধ্যে ঘোষণা কৰা দলত সালসলনি ঘটোৱাৰ অন্তিম দিন হিচাপে ধার্য কৰা হৈছে ১৫ অক্টোবৰ৷ আই চি চিয়ে শেহতীয়াকৈ এই বিষয়টো স্পষ্ট কৰি কয় যে ভাৰতে অহা ১৫ অক্টোবৰৰ মাজনিশা পর্যন্ত দলৰ খেলুৱৈ সালসলনি কৰিব পাৰিব৷ বিশ্বকাপৰ ছুপাৰ ১২ ৰাউণ্ডত অভিযান আৰম্ভ কৰাৰ ৭ দিন আগলৈ দলসমূহে খেলুৱৈ সলনি কৰিব পাৰে বুলি বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে জানিবলৈ দিছে৷

মন কৰিবলগীয়া যে বিশ্বকাপৰ বাবে বিৰাট কোহলিৰ নেতৃত্বত ইতিমধ্যে ভাৰতীয় দল ঘোষণা কৰা হৈছে যদিও অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াৰ আঘাতে নির্বাচক মণ্ডলীক সমস্যাত পেলাইছে৷ আঘাতৰ পৰা সম্পূর্ণৰূপে আৰোগ্য লাভ নকৰাৰ বাবে তাৰকাগৰাকীয়ে শেহতীয়াকৈ আই পি এলৰ এখন মেচতো বলিং কৰিব পৰা নাই৷ সেয়ে তেওঁৰ স্থানত চেন্নাই ছুপাৰ কিংছৰ মিডিয়াম পেচাৰ শার্দূল ঠাকুৰ অথবা দীপক চহৰক দলত অন্তর্ভুক্ত কৰাৰ দাবী উত্থাপন হৈছে৷

সম্প্রতি তেওঁলোকক ভাৰতীয় দলৰ ষ্টেণ্ডবাই খেলুৱৈ হিচাপে ৰখা হৈছে৷ বি চি চি আইৰ এক সূত্রই জানিবলৈ দিয়া অনুসৰি নির্বাচক মণ্ডলীয়ে শেষ মুহূর্তত আৰ চি বিৰ প্রতিভাৱান অলৰাউণ্ডাৰ হর্ষল পেটেলক বিশ্বকাপৰ দলত অন্তর্ভুক্ত কৰাৰ সম্ভাৱনা আছে৷ নৱাগত স্পিনাৰ বৰুণ চক্রৱর্তীৰ ফিটনেছক লৈও নির্বাচক মণ্ডলী চিন্তাত পৰিছে৷ আঁঠুৰ বিষত ভুগি থকা খেলুৱৈগৰাকীয়ে শেহতীয়াকৈ ইনজেকচন লৈ আই পি এলৰ মেচ খেলিবলগীয়া হৈছিল৷

You might also like