নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিন্ন অপৰাধৰে জড়িত ধুবুৰীৰ ১৬জনকৈ কুখ্যাত অপৰাধীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ ধুবুৰী থানা এলেকাত আৰক্ষীৰ অভিযানত এতিয়ালৈ মুঠ ১৬গৰাকীকৈ অপৰাধীক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, জিলাখনৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনৰ নেতৃত্বত অৰক্ষীয়ে কৰায়ত্ত কৰা অপৰাধীকেইজন গৰুৰ চোৰাং বেহা, ড্ৰাগচ, চুৰি আদিকে ধৰি ভিন ভিন অপৰাধৰ সৈতে জড়িত। তদুপৰি আজি ধুবুৰী চহৰৰ পঞ্চুঘাট অঞ্চলৰ বৰ লুইতৰ এখন নাৱৰ পৰা ৬০ বস্তা চোৰাং ইউৰিয়া সাৰ জব্দ কৰিছে আৰু নাওখনো জব্দ কৰাৰ সমান্তৰালৰৈ ঘটনা সন্দৰ্ভে তদন্ত চলাই থকা হৈছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like