নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও বিজেপি যুৱ মৰ্চাৰ উদ্যোগত লাচিত বৰফুকন শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতা

বিশেষ বাৰ্তা, ২৯ নৱেম্বৰ : ভাৰতীয় জনতা যুৱ মৰ্চা আৰু অনুসূচিত জনজাতি মৰ্চাৰ নগাঁও জিলা শাখাৰ উদ্যোগত আজি লাচিত বৰফুকন আৰু শৰাইঘাটৰ ৰণ শীৰ্ষক এক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। নগাঁও চহৰৰ ছয়আলিস্থিত শিৱস্থান প্ৰাঙ্গণত কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতা মুকলি কৰি ভাৰতীয় জনতা যুৱ মৰ্চাৰ নগাঁও শাখাৰ সভাপতি সুন্দৰ শৰ্মাই কয় যে লাচিত বৰফুকনৰ জীৱন দৰ্শনৰ বিষয়ে শিশু ছাত্ৰ-ছাত্ৰী সকলক অৱগত কৰিবৰ বাবেই এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হব বুলি আমি আশা কৰিছোঁ। অনুষ্ঠানত ভাৰতীয় জনতা যুৱ মৰ্চা আৰু অনুসূচিত জনজাতি মৰ্চাৰ নগাঁও জিলা শাখাৰ বিষয়ববীয়া আৰু কৰ্মীসকলে অংশগ্ৰহণ কৰে। সংগঠন দুটাৰ এই পদক্ষেপক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।

প্ৰেৰক কনক হাজৰিকা

You might also like