নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দলৰ আৰ্থ-সামাজিক পৰিস্থিতিৰ খতিয়ান

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ ধুবুৰীৰ জনগাঁথনি, সংস্কৃতি, আৰ্থ-সামাজিক ব্যৱস্থা, স্বাস্থ্য, শিক্ষা আদি বিষয়ৰ অধ্যয়নৰ বাবে অসম বিধানসভাৰ এটা সৰ্বদলীয় প্ৰতিনিধি দল আজি আহি ধুবুৰীত উপস্থিত হয়হি৷ বিধায়ক প্ৰদীপ হাজৰিকা নেতৃত্বাধীন দলটো ধুবুৰীত উপস্থিত হৈ প্ৰথমে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ধুবুৰীৰ স্থানীয় বিধায়ক, প্ৰাক্তন বিধায়ক আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷ সৰ্বদলীয় প্ৰতিনিধি দলটোৰ সদস্য বিধায়ক চক্ৰধৰ গগৈয়ে তেওঁলোকৰ ধুবুৰী ভ্ৰমণৰ উদেশ্য ব্যাখ্যা কৰি কয় যে উজনি অসমৰ তুলনাত নামনি অসমৰ আৰ্থ-সামাজিক পৰিস্থিতি উন্নত নহয় বুলি বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে বিধানসভাত উত্থাপন কৰা প্ৰসংগৰ আঁত ধৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শৰ ভিত্তিত উজনি অসমৰ বিধায়কৰে গঠিত এটা দলক নামনি অসমৰ জিলা সমূহলৈ আৰু নামনি অসমৰ বিধায়কৰে গঠিত এটা দলক উজনিৰ জিলাসমূহ চাবলৈ পঠিওৱা হৈছে৷ বৈঠকত ধুবুৰী জিলাৰ উন্নয়ণ সম্পৰ্কীয় আৰু আৰ্থ-সামাজিক পৰিস্থিতিৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়৷ বিশেষকৈ চৰাঞ্চলৰ সমস্যা, অনিয়ন্ত্ৰিত জনসংখ্যা বৃদ্ধি, বাল্য বিবাহ, শিশু আৰু প্ৰসূতিৰ মৃত্যু আদি বিষয়ত হোৱা আলোচনাত বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামচুল হুদা, গোলকগঞ্জৰ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ, প্ৰাক্তন বিধায়ক মহিবুল হক আৰু প্ৰশান্ত কুমাৰ বৰুৱাই নিজৰ মতপ্ৰকাশ কৰে৷ প্ৰতিনিধি দলটোৰ সদস্য বিধায়ক আমিনুল ইছলামে কয় যে, বাল্য বিবাহ আদি ৰোধত ছাত্ৰ সংগঠন, মহিলা সংগঠন, স্থানীয় ক্লাৱ আদিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷ বিষয়টো সন্দৰ্ভত মতপোষণ কৰি প্ৰতিনিধি দলটোৰ নেতা বিধায়ক প্ৰদীপ হাজৰিকাই কয় যে সকলো সমস্যাৰ গুৰিতে হৈছে জনসংখ্যাৰ অনিয়ন্ত্ৰিত বৃদ্ধি৷ বাল্য বিবাহ ৰোধ কৰাত জন প্ৰতিনিধিসকলৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা থাকে বুলি মন্তব্য কৰি তেওঁ কয় যে সমষ্টিৰ প্ৰতিটো অঞ্চল এগৰাকী বিধায়কে চিনি পায় আৰু বিধায়কগৰাকীক সমষ্টিটোৰ ৰাইজে ভালদৰে জানে, তেখেতৰ কথা শুনে৷ গতিকে বিধায়কগৰাকীয়ে যিকোনো সভালৈ যাওতে বাল্যবিবাহৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিব পাৰে৷ বৈঠকখনত জিলা উপায়ুক্ত দিবাকৰ নাথ, জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিত গোস্বামী, অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া প্ৰমুখ্যে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে৷ বিয়লি বিধায়কৰ দলটোৱে আৱৰ্ত ভৱণত বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধি, স্থানীয় নেতৃস্থানীয় ব্যক্তিৰ সৈতে বাৰ্তালাপ কৰি ধুবুৰী জিলাৰ আৰ্থ সামাজিক পৰিবেশৰ বুজ লয়৷ জানিব পৰা মতে, আজি নিশাটো আৱৰ্ত ভৱণত কটাই কাইলৈ দলটোৱে জিলাখনৰ কেবাটাও স্থান ভ্ৰমণ কৰি ৰাইজৰ সৈতে বাৰ্তালাপ কৰিব৷

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like