নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুৰীয়াৰ শিঙাৰীত শোকাৱহ পথ দুৰ্ঘটনা : এজন নিহত

জুৰীয়াৰ শিঙাৰীত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুখন বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে এজন যুৱক নিহত হয়।

নিহত যুৱকজনৰ নাম মজিবুৰ ৰহমান আৰু তেওঁ শিঙাৰীৰ বাসিন্দা। লগতে, দুৰ্ঘটনাত আহত হোৱা আন এজন যুৱকক তৎক্ষণাত নগাঁৱলৈ লৈ যোৱা হয়, যদিও চিকিৎসকে ঘোষণা কৰিছে যে তেওঁৰ পথতে মৃত্যু হৈছে।

নিহত যুৱকৰ ঘৰ শিঙাৰীৰ জুৰীয়া অঞ্চলৰ, যদিও আহত যুৱকৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। দুৰ্ঘটনাত পতিত বাইক দুখনৰ নম্বৰ হ’ল AS 02 U 4792 আৰু AS 02 AJ 3315।

ঘটনাক লৈ স্থানীয় লোকৰ ভিতৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে। স্থানীয় লোকে পথ অৱৰোধ কৰি দুৰ্ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে।

সম্প্ৰতি, জুৰীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

ডিজিটেল ডেস্ক, ১২ ফেব্ৰুৱাৰী

You might also like