নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত “প্ৰিন্সিপলছ্ এণ্ড প্ৰেক্টিছেছ্ অৱ কমন কেঞ্চাৰছ্” শীৰ্ষক গ্ৰন্থ উন্মোচন

বিশেষ বাৰ্তা, ৩০ নৱেম্বৰঃ ভাৰত চৰকাৰৰ আণৱিক শক্তি বিভাগৰ অধীনস্থ ভাবা আণৱিক গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড° অজিৎ কুমাৰ মহান্তিয়ে ডাঃ ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত ৩০ নৱেম্বৰত আয়োজিত এটা অনুষ্ঠানত “প্ৰিন্সিপলছ্ এণ্ড প্ৰেক্টিছেছ্ অৱ কমন কেঞ্চাৰছ্” শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰে। এয়া হ’ল প্ৰতিষ্ঠানখনৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে সম্পাদনা কৰা গ্ৰন্থলানিৰ তৃতীয়খন গ্ৰন্থ। গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত ড° মহান্তিয়ে এই গ্ৰন্থলানি প্ৰকাশৰ বাবে ডাঃ কটকীৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে প্ৰতিষ্ঠানৰ ভৱিষ্যত উন্নতিৰ ক্ষেত্ৰত আণৱিক শক্তি বিভাগৰ সহযোগিতাৰ বিষয়ে দোহাৰে। অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকা সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ উপৰি ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰ গুপ্ত কাশ্যপ আৰু ইনষ্টিটিউট অৱ এডভান্সড্ ষ্টাডি ইন ছায়েঞ্চ এণ্ড টেকন’ল’জিৰ সঞ্চালক ড° এ কে মুখাৰ্জী বিশেষ অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ভাগ লৈ ভাবা আণৱিক গৱেষণা কেন্দ্ৰৰ সঞ্চালকগৰাকীয়ে ৰেডিঅ’ফাৰ্মাচিউটিকেলছৰ গৱেষণাত গুৰুত্ব আৰোপ কৰে। কৰ্কট ৰোগ চিনাক্তকৰণ আৰু ইয়াৰ চিকিৎসাৰ বাবে ৰেডিঅ’ফাৰ্মাচিউটিকেলছৰ ব্যৱহাৰ অতি জৰুৰী হৈ উঠিছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে, ৰেডিঅ’ফাৰ্মাচিউটিকেলছে নিৰ্দিষ্ট আৰু প্ৰত্যক্ষভাৱে কৰ্কট কোষৰ ওপৰত ৰেডিয়েশ্যন থেৰাপি প্ৰয়োগ কৰে। শেহতীয়াভাৱে নতুন ৰেডিঅ’ফাৰ্মাচিউটিকেলছৰ গৱেষণা আৰু নৈদানিক পৰীক্ষণৰ ক্ষেত্ৰত বহুলভাৱে কাম কৰি থকা হৈছে বুলিও ড° মহান্তিয়ে প্ৰকাশ কৰে। ইপিনে, উন্মোচিত গ্ৰন্থখনিৰ সম্পাদক তথা প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ কটকীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ মাজত হেড এণ্ড নেক, ইছ’ফেগাছ্, ষ্ট’মাক, লিভাৰ, গলব্লাডাৰ, লাং, ব্ৰেষ্ট, অ’ভেৰী আৰু চাৰ্ভিক্সৰ কৰ্কট ৰোগৰ প্ৰভাৱ বেছি পৰিমাণে পৰিলক্ষিত হৈছে। এই গ্ৰন্থখনত উপলব্ধ প্ৰযুক্তি আৰু সম্পদৰ ব্যৱহাৰৰ জৰিয়তে এনে অংগসমূহৰ কৰ্কট ৰোগৰ ব্যৱস্থাপনা বিধি সন্নিৱিষ্ট কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে, গ্ৰন্থখনৰ জৰিয়তে লেখকসকলে এই অংগসমূহৰ কৰ্কট ৰোগৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বছৰ বছৰজুৰি অৰ্জন কৰা অভিজ্ঞতা আৰু জ্ঞান পঢ়ুৱৈ সমাজৰ বাবে মুকলি কৰি দিছে।

You might also like