নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইল ইণ্ডিয়াৰ পৰীক্ষাত বিসংগতিঃ অইলৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত অৱস্থান প্ৰতিবাদী প্ৰাৰ্থীৰ

পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: যোৱা ১৫ নৱেম্বৰ দিনা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত অইল ইণ্ডিয়া লিমিটেডৰ এইচ এম ভি অপাৰেটৰ পদৰ লিখিত পৰীক্ষাত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন কৰি একাংশ পৰীক্ষাৰ্থী সৰৱ হৈ উঠিছে । আজি পুৱাৰে পৰা দুলীয়াজানস্থিত মুখ্য ক্ষেত্ৰীয় কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত অৱস্থান কৰা লগতে প্ৰতিবাদী চাকৰি প্ৰাৰ্থীয়ে পুনৰ স্বচ্ছ আৰু নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী, দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবীসহ কেতবোৰ অভিযোগ উত্থাপন কৰি অইলৰ মুখ্য আবাসিক বিষয়ালৈ অনতিপলমে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে অইল ইণ্ডিয়াই বিগত সময়ত বিজ্ঞাপন যোগে জাৰি কৰা এইচ এম ভি অপাৰেটৰ ৩৬ টা খালী পদৰ বাবে অইল অধ্যুষিত অঞ্চলৰ প্ৰায় ৯৫০ গৰাকী প্ৰাৰ্থী উক্ত পৰীক্ষাত অৱত্তীৰ্ণ হৈছিল । পৰীক্ষা চলি থকাৰ অৱস্হাতে একাংশ প্ৰাৰ্থীৰ ম’বাইলত প্ৰশ্নকাকত সহ অ’এম আৰ চিট প্ৰচাৰ হোৱা বুলি কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপিত । আনহাতে চাকৰি প্ৰাৰ্থীৰ এই অভিযোগৰ বিপৰীতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা অইলৰ এইচ এম ভি অপাৰেটৰ লিখিত পৰীক্ষাত কোনোধৰণৰ বিসংগতি হোৱা নাই বুলি দাবী কৰা লগতে একাংশ প্ৰাৰ্থীয়ে উদ্দেশ্যপ্ৰণোদিতভাৱে ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ বিচৰা বুলিহে উল্লেখ কৰিছে । সামগ্ৰীক ঘটনাৱলীৰ সন্দৰ্ভত ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে নিজৰ নিকা ভাৱমূৰ্তি বৰ্তাই অইল ইণ্ডিয়া লিমিটেডলৈ এখন ষ্টেটমেন্ট প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে । ইফালে অইলৰ লিখিত পৰীক্ষাৰ বিসংগতিৰ সন্দৰ্ভত উচিত তদন্তৰ দাবী উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সহ সদৌ অসম ছাত্ৰ সন্হাই ।

অইলৰ এইচ এম ভি অপাৰেটৰ লিখিত পৰীক্ষা প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত ক্ষুদ্ধ পৰীক্ষাৰ্থীৰ মন্তব্য –

You might also like