নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাগৰতলিলৈ গৈ চাব পাৰিব সঁচা টাইটানিক, কিমান হ’ব খৰচ?

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰঃ টাইটানিকৰ বিষয়ে অজানা মানুহ খুব কম। বিশ্বৰ সৰ্ববৃহৎ এই জাহাজখনৰ বিষয়ে বিশ্ব অৱগত হৈছিল জেমছ কেমেৰুণৰ ছবি টাইটানিকৰ পৰা। আমাৰ অসমতো ভ্ৰাম্যমাণ থিয়েটাৰ কহিনুৰে নিৰ্মাণ কৰিছিল টাইটানিক নাট। ব্ৰিটিছ জাহাজ টাইটানিক ডুব গৈছিল ১৯১২ চনৰ ১৪-১৫ এপ্ৰিলৰ নিশা বৰফৰ এটা পাহাৰত আঘাত কৰি। উত্তৰ আণ্টলান্টিক সাগৰত ১৯৮৫ চনত ইয়াৰ অৱশেষ বিচাৰি পোৱা হৈছিল।

অৱশেষ বিচাৰি পোৱাৰ পিছত টাইটানিকক লৈ প্ৰচাৰ আৰু প্ৰসাৰ হ’বলৈ ধৰে। এতিয়া সাগৰতলিত বিভিন্ন বিষয়ৰ অনুসন্ধানৰে জড়িত অ’চিনগেট এক্সিপিডিচন নামৰ এটা কোম্পানীয়ে প্ৰৱৰ্তন কৰিব ওলাইছে এক নতুন আঁচনি। এই আঁচনি অনুযায়ী সাগৰতলিৰ ১২,৪৬৭ ফুট তলত থকা টাইটানিকৰ অৱশেষ প্ৰদৰ্শন কৰিব পৰা যাব।

টাইটানিক ছাৰ্ভে এক্সেপেডিচন ২০২১ নামৰ এই আঁচনি মৰ্মে নাগৰিক বিশেষজ্ঞসকলক মিছন বিশেষজ্ঞ হিচাপে প্ৰশিক্ষিত কৰিব। এবাৰত ১০ দিন জুৰি চলিব লগা এই অভিযানত ৯গৰাকী যোগ্য বিজ্ঞানীৰ লগত ৩গৰাকী মিছন বিশেষজ্ঞ পঠিওৱা হ’ব। অহা বছৰ মে’ৰ মাজভাগৰ পৰা জুনৰ অন্তলৈ চলিব লগা এই অভিযানৰ পিছত পুনৰ ২০২২ চনৰ গৰমৰ দিনত এই অভিযান চলোৱাৰ কথা সদৰী কৰা হৈছে।

কিন্তু এই মিছনত কোনো নাগৰিকে প্ৰশিক্ষণৰ পৰা আৰম্ভ কৰি অভিযানলৈকে খৰচ কৰিব লাগিব প্ৰায় ৯৩ লাখ টকা। এইখিনি টকা খৰচৰ বিনিময়ত দৰ্শন কৰিব পাৰিব সাগৰতলিত থকা ঐতিহাসিক জাহাজ টাইটানিকৰ অৱশেষ।

লগতে পঢ়ক- লকডাউনৰ সময়ত ৪২ লিটাৰ স্তন গাখীৰ দান মুম্বাইৰ এইগৰাকী মহিলাৰ… জনালে কাৰণ

You might also like