নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওপজা দিনত পাঁচজোপা গছপুলি ৰোপণ পাঠশালাৰ প্ৰিন্সিকাৰ

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ সমগ্ৰ বিশ্বতে দিনক দিনে ভয়াৱহভাৱে বৃদ্ধি পাই অহা গোলকীয় উষ্ণতা আৰু অস্বাভাৱিক জলবায়ু পৰিৱৰ্তনৰ সময়তে এগৰাকী স্কুলীয়া ছাত্ৰীয়ে বিগত কেইবা বছৰ ধৰি নিজৰ প্ৰতিটো ওপজা দিনতে গছপুলি ৰোপণ কৰি পালন কৰি আহিছে এক সামাজিক দায়বদ্ধতা৷ তাৰ ব্যতিক্ৰম নহ’ল এইবেলিও৷ বজালীৰ পাটাছাৰকুছি নিৱাসী ব্যৱসায়ী ৰাতুল গোস্বামী আৰু শিক্ষয়িত্ৰী গীতিকা শৰ্মা গোস্বামীৰ কন্যা প্ৰিন্সিকা গোস্বামীয়ে আজি নিজৰ ১২ বছৰীয়া জন্মদিন পালন কৰে এক গছপুলি ৰোপণৰ কাৰ্যসূচীৰে৷ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমী প্ৰাইমেৰী স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী প্ৰিন্সিকাই গ্ৰীণ মিছন, বজালীৰ সঞ্চালক আনন্দ খাটনিয়াৰৰ সহযোগত আনন্দৰাম বৰুৱা একাডেমি ডিগ্ৰী কলেজ চৌহদত মহানিম, বকুল, আমলখি আৰু জলফাইৰ পাঁচজোপা গছপুলি ৰোপণ কৰে৷ এই গছপুলি ৰোপন কাৰ্যসূচীত ছাত্ৰীগৰাকীক পিতৃ-মাতৃৰ লগতে সহযোগ কৰে আনন্দৰাম বৰুৱা একাডেমিৰ পৰিচালন সঞ্চালক-ৰেক্টৰ ড৹ ৰঞ্জিত ডেকা, ছিনিয়’ৰ ছেকেণ্ডাৰী শাখাৰ অধ্যক্ষ নন্দিতা বৰ্মণ, প্ৰাইমাৰী শাখাৰ সঞ্চালক প্ৰহ্লাদ চৌধুৰী, মুখ্য সচিব উৎপল মেধি আৰু আনন্দ খাটনিয়াৰে৷ নিজৰ পাঁচ বছৰ বয়সৰ পৰা প্ৰতিটো ওপজা দিনতে বিভিন্ন ঠাইত গছপুলি ৰোপণ কৰি এক অনন্য আদৰ্শ গ্ৰহণ কৰি অহা প্ৰিন্সিকাই নিজৰ জন্মদিনত গছপুলি ৰোপণ কৰি কয় যে সাম্প্ৰতিক সময়ত ব্যাপক হাৰত সৃষ্টি হোৱা পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ বাবে গছপুলি ৰোপন কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে ৷ আমাৰ ভৱিষ্যৰ সুৰক্ষাৰ প্ৰতি আমি চিন্তা নকৰিলে ইয়াৰ পৰিণাম আমিয়েই ভুগিব লাগিব বুলি কৈ ছাত্ৰীগৰাকীয়ে তেওঁৰ সমনীয়া আৰু অন্যান্যসকলকো নিজৰ প্ৰতিটো জন্মদিনতে গছপুলি ৰোপণেৰে পৰিৱেশ ভাৰসাম্য বৰ্তাই ৰাখিবলৈ অনুৰোধ জনায় ৷ ছাত্ৰীগৰাকীয়ে ধাৰাবাহিকভাৱে নিজৰ ওপজা দিনত এনেকুৱা মনোভাৱেৰে গছপুলি ৰোপণ কৰা কাৰ্যক সকলোৱে প্ৰশংসা কৰাৰ লগতে হিয়া উজাৰি আশীৰ্বাদ কৰে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like