নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগ্যতাৰ সফলতাঃ অসম আৰক্ষীৰ কমাণ্ডো হিচাপে নিৰ্বাচিত ধুবুৰীৰ ঠেলাচালকৰ পুত্ৰ আতোৱাৰ

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ বিগত কিছুদিনৰ পৰা চলি থকা নেতিবাচক বা–বাতৰিসমূহক নস্যাৎ কৰি কালি ঘোষিত অসম, পুলিচৰ কনিষ্টবল, কমাণ্ডো, উপ–পৰিদৰ্শক আদিৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈছে ধুবুৰীৰ এগৰাকী দৰিদ্ৰ ঠেলাচালকৰ পুত্ৰই। ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী তথা ভাৰত–বাংলাদেশ সীমান্তৱৰ্তী গাছপাৰাৰ আতোয়াৰ ৰহমান নামৰ যুৱকজন অসম আৰক্ষীৰ কমাণ্ডোৰূপে উত্তীৰ্ণ হোৱাৰ পিছত পৰিয়ালটোৰ লগতে অঞ্চলবাসীৰ মাজত এতিয়া বৈছে আনন্দৰ বন্যা। ৰ’দ, বতাহ, বৰষুণ নেওচি ঠেলা এখন চলাই নিজৰ পৰিয়ালক পোহপাল দিয়া পিতৃ মতিন শেখৰ চকুত বৈছে আনন্দাশ্ৰু, পুত্ৰৰ সফলতাক লৈ। পিতৃক তথা পৰিয়ালটোক আৰ্থিক ভাৱে সকাহ দিবলৈ আতোৱাৰে ষষ্ঠ শ্ৰেণীৰ পৰাই আৰম্ভ কৰিছিল এখন সৰু গেলামালৰ দোকান; শেহতীয়াকৈ চলাইছিল ই–ৰিক্সা এখনো। কিন্তু তাৰেই মাজতে অনুশীলন চলাই গৈছিল অসম আৰক্ষীৰ বাছনি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি। যোৱাকালি অসম আৰক্ষীৰ বাছনি পৰীক্ষাৰ ফলাফল ঘোষিত হোৱাৰ পিছত, দাৰিদ্ৰতাই যে সফলতাৰ বাটত হেঙাৰ হৈ উঠিব নোৱাৰে তাৰেই নিদৰ্শন দাঙি ধৰি; অঞ্চলটোৰ যুৱপ্ৰজন্মৰ নিৱনুৱা যুৱক–যুৱতীসকলৰ মাজতে এক উজ্জ্বল চানেকিৰূপে উজলি উঠে ধুবুৰীৰ এক দূৰ্গম অঞ্চলৰ এই যুৱকজন। আনহাতে কোনো ধৰণৰ দালাল, টকা–পইচা অৱিহনে; কেৱল মেধাৰ বলতেই নিজ পুত্ৰক এইদৰে চৰকাৰী চাকৰি লাভৰ সুযোগ দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞ আতোৱাৰ পিতৃ মতিন শেখ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like