নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেচিবিৰে পুতি থ’লে মৃতদেহ! লিডুৰ চোৰাং কয়লা খনিত মিথেন গেছৰ বিস্ফোৰণত থিতাতে নিহত ৩ শ্ৰমিক

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰ : মৃত্যুৰ কিৰীলি লিডু মালৌ পাহাৰত। তিনিচুকীয়াৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ দক্ষিণ পূৱ অঞ্চলত অৱস্থিত তথা পাটকাই পাহাৰৰ অংশ বিশেষ অসম অৰুনাচলৰ সীমামূৰীয়া মালৌ পাহাৰত কয়লা চোৰৰ দপদপনিৰ বাবে নিতৌ সংঘটিত হৈ আহিছে কয়লাকেন্দ্ৰিক দূর্ঘটনা। কিছুসংখ্যক দুর্ঘটনা পোহৰলৈ আহে যদিও মৃত্যুৰ দৰে শোকাবহ দূর্ঘটনা সমূহৰ অধিকাংশই চতূৰ কয়লা চোৰে অতি কৌশলেৰে প্ৰকাশ হোৱাৰ সকলো পথ ৰোধ কৰি ৰাখে। বিশেষকৈ চোৰাং কয়লা উৎপাদিত অঞ্চলসমূহ অসম অৰুনাচলৰ সীমান্তৱৰ্তী অঞ্চলসমূহত অৱস্থিত হোৱাৰ হেতুকে দূর্ঘটনাত পতিত হৈ মৃত্যু হোৱা শ্ৰমিক সকলৰ মৃতদেহ সমূহ অসমৰ পৰিসীমা অতিক্ৰমি অৰুণাচলৰ গভীৰ বনাঞ্চলত জীৱ জন্তুৰ দৰে পূতি ৰাখে । যাৰ বাবে এনে ঘটনাসমূহ পোহৰলৈ নাহে । প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশা তেনে এক ঘটনাই মালৌ পাহাৰত সংঘটিত হোৱাত তিনিজনকৈ শ্ৰমিক অতি শোকাবহ ভাবে মৃত্যুক আকোৱালী লোৱাৰ লগতে কেইবাজনো শ্ৰমিক আঘাটপ্ৰাপ্ত হয় । জানিব পৰা মতে অঞ্চলটোৰ কুখ্যাত কয়লা চোৰ জনৈক ডেভিদৰ নেতৃত্বত নিৰ্মাণ কৰা এটি অবৈধ কয়লা খনিত কাম কৰি থকা অৱস্থাত আকস্মিক ভাবে বিষাক্ত মিথেন গেছ বিষ্ফোৰণ হোৱাত তিনিজন শ্ৰমিক থিতাতে নিহত হোৱাৰ লগতে কেইবাজনো আঘাটপ্ৰাপ্ত হয়। মৃত শ্ৰমিককেইজন যথাক্ৰমে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ছাহিদুল ঈছলাম আৰু হুছেইন আলী আৰু আনজন গোৱালপাৰাৰ বগুৱানৰ আছমত আলি বুলি চিনাক্ত কৰা হৈছে ।দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে চতূৰ কয়লা চোৰ ডেভিদে তিনিওটা মৃতদেহ গভীৰ অৰণ্যত জেচিবিৰে মাটি খানি পুতি ৰাখে। যদিও একাংশ শ্ৰমিকৰ মৃত শ্ৰমিক কেইজনৰ পৰিয়ালক খবৰ দিয়াত সমগ্ৰ ঘটনাটি পোহৰলৈ আহে । লক্ষ্যণীয় যে মালৌ পাহাৰত দীৰ্ঘদিনৰ পৰা চলি অহা চোৰাং কয়লাৰ বৃহৎ চিণ্ডিকেটৰ মূলতে হৈছে অঞ্চলটিৰ গাওঁ বুঢ়া তথা লিডুৰ কুখ্যাত কয়লা চোৰ তেহন হাখুন । পৰম্পৰা অনুযায়ী পিতৃৰ মৃত্যুৰ পিছত গাওঁ বুঢ়াৰ দায়িত্ব লোৱা যুৱক তেহন হাখুনে নিজকে পাহাৰীয়া গাওঁ খনৰ অবিসম্বাদী জনজাতীয় নেতা হিচাপে কয়লাৰ চোৰাং বজাৰ খন নিজৰ তত্বাৱধানত ৰাখি যধে মধে কয়লাৰ উৎপাদন আৰু বিক্ৰী কৰি অসমৰ সেউজীয়া পাহাৰখন ধ্বংস কৰাই নহয় অসমৰ অৰ্থনীতিত কুঠাৰাঘাট কৰিছে । এইজন গাওঁ বুঢ়াই শেহতীয়াকৈ কয়লাৰ বৃহৎ ভাণ্ডাৰ থকা মোলংপাহাৰখন অৰুনাচলৰ বুলি দাবী কৰাৰ লগতে অসমৰ ভূমিপূত্ৰ সদৃশ তাংচা জনজাতীয় লোকসকলকো অৰুনাচলি বুলি কৈ পৃথকতাবাদী চিন্তাৰ পৰিবেশ সৃষ্টি কৰিছে । আনকি নালাগে নগা উগ্ৰপন্থী সংগঠন সমূহকো বৰ পীৰা পাৰি লিডুত ধন দাবী আৰু অপহৰণৰ দৰে বেআইনী কামত উৎসাহ যোগাই অহা বুলি গাওঁ বুঢ়া জনৰ বিপক্ষে বাৰম্বাৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও অতি আচৰিত ভাবে এখেতৰ বিপৰীতে আজিকোপতি কোনোধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় লোকৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে । অন্যহাতে এক সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি এই সমগ্ৰ কয়লা চোৰ সমূহৰ চৰ্দাৰ কুখ্যাত কয়লা চোৰ জনৈক সুনীল গুৰুঙে সমগ্ৰ লিডু-বৰগোলাই অঞ্চলত কয়লা চুৰি চক্ৰটোক সাৰ পানী যোগাই অহাৰ লগতে ৰাজ্যখনে কয়লাৰ পৰা পাব লগা কোটি কোটি ৰাজহ হেৰুৱাব লগাত পৰিছে বুলি অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে গুৰুঙে প্রাসাদোপম অট্টালিকা নিৰ্মান কৰি দুগৰাকী পত্নীৰ নামত হোৱে বাৱে ধন ঘটাত সকলোৰে চকু কপালত উঠিছে। বৰ্তমান সমগ্ৰ মালৌ পাহাৰ অঞ্চলত লিডু আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লেখা সময়লৈকে মৃতেদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । মানৱ অধিকাৰ খৰ্ব কৰা এই ঘটনাই সমগ্ৰ অসমতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৩ শ্ৰমিকৰ মৃত্যুৰ সমগ্ৰ ঘটনাৰ লগত জড়িত আটাইকেইজনকে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দিয়াৰো দাবী উত্থাপন কৰিছে সচেতন মহলে।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like