বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ মৃণ্ময় প্ৰতিমা নিৰ্মাণত ব্যস্ত ধুবুৰীৰ মৃৎশিল্পী
নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ বাগদেৱীৰ পূজালৈ মাথোঁ কেইটিমান দিন বাকী থকাৰ প্ৰাকমূহুৰ্তত বৰ্তমানে তুমুল ব্যস্ততা ধুবুৰীৰ প্ৰতিমা নিৰ্মাণৰ সৈতে জড়িত খনিকৰসকলৰ। চহৰখনৰ চাৰিটা প্ৰতিমা নিৰ্মাণৰ কাৰখানাতেই দেৱী সৰস্বতীৰ মৃণ্ময়ী মূৰ্তিবোৰত “ফিনিশ্বিং টাচ” দিবলৈ লৈছে শিল্পীসকল। ক’ভিড মহামাৰীৰ শংকা আতৰাৰ পিছত এইবেলি দেৱী প্ৰতিমাৰ চাহিদা পূৰ্বৰ দুটা বছৰতকৈ বৃদ্ধি পাবে বুলিয়েই আশা কৰিছে তেওঁলোক। ধুবুৰীৰ চাৰিটা মৃৎশিল্পৰ কাৰখানাতে এতিয়া বিভিন্ন আকাৰ আৰু শৈলীৰ বাগদেৱীৰ মৃণ্ময়ী প্ৰতিমাৰে পৰিপূৰ্ণ। উল্লেখ্য যে, অহা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনাই সৰস্বতী পূজা। সেয়েই গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ জাতীয় পতাকাৰ তিনি বৰণীয়া ৰঙৰ দেৱী প্ৰতিমাৰ চাহিদা বেছি ধুবুৰীত। এই কথা জনাইছে ধুবুৰীৰ প্ৰতিমা নিৰ্মাণৰ এটা কাৰখানাৰ মালিকে। অৱশ্যে প্ৰতিমা নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰীৰ দাম পূৰ্বতে বহু বাঢ়িছে যদিও সেই অনুপাতে বৃদ্ধি কৰিব পৰা নাই প্ৰতিমাৰ মূল্য- এয়ালৈও আছে আক্ষেপ ধুবুৰীৰ মৃৎশিল্পীসকলৰ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী