নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰীৰ হিৰিম্বা বাথৌ মন্দিৰৰ সোণালী জয়ন্তীত অংশগ্ৰহণ বিশ্বজিৎ দৈমাৰীৰ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰী : কালিৰে পৰা তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত খৈৰাবাৰীৰ ওচৰৰ হিৰিম্বা বাথৌ থানছালি (মন্দিৰ)ৰ সোণালী জয়ন্তী সমাৰোহৰ কাৰ্যসূচীত আজি বিধান সভাৰ অধ্যক্ষ তথা পানেৰীৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে অংশ গ্ৰহণ কৰে। আজি বিয়লি অনুষ্ঠিত ” বাথৌ ধৰ্ম আৰু ইয়াৰ দৰ্শন” শীৰ্ষক ধৰ্মীয় আলোচনা চক্ৰত অংশ লৈ বিধান সভাৰ অধ্যক্ষ দৈমাৰীয়ে বাথৌ ধৰ্মৰ তত্ব সমুহৰ ব্যাখ্যা আগবঢ়ায়। ইতিহাসে ঢুকি নোপোৱা সময়ৰ পৰাই বড়ো সকলে বাথৌ ধৰ্ম পালন কৰি আহিছে বুলি উল্লেখ কৰি দৈমাৰীয়ে কয় যে বাথৌ ধৰ্মৰ তত্ব সমুহ কেতিয়াও লিখিত ৰূপত নাছিল; ই অতীজৰে পৰা মুখে মুখে প্ৰচলিত হৈ আহিছিল। মহাভাৰতৰ যুগৰ কৈৰাতজ ধৰ্মই বৰ্তমানৰ বাথৌ ধৰ্ম বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে বাথৌ ধৰ্মালম্বী সকলে মাটি, বায়ু, পানী, অগ্নি আৰু আকাশ- প্ৰাকৃতিকভাৱে লাভ কৰা এই পঞ্চ শক্তিৰ ওপৰত গভীৰভাৱে বিশ্বাস কৰে। বাথৌ ধৰ্মাৱলম্বী সকলে সিজৌ গছক বাথৌৰ বেদীত ৰোপন কৰি উপাসনা কৰাৰ তত্ব ব্যাখ্যা কৰি তেওঁ আৰু কয় যে সিজৌ গছক য’তেই পেলাই থোৱা যায় তাতেই ই জীয়াই থাকিব পাৰে। এই গছৰ শুকান মাটিতো জীয়াই থকাৰ এক অদ্ভূত শক্তি আছে ; সেয়ে বাথৌ ধৰ্মাৱলম্বী সকলে সিজৌ গছক গছক উপাসনা কৰে। বাথৌ ধৰ্মৰ তত্বয়ো এই দৰ্শনৰ কথাই কয়- দৈমাৰীয়ে কয়। বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ড° মঙ্গল সিং হাজোৱাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত ধৰ্মীয় আলোচনা চক্ৰত অধ্যাপক ড° নৰেশ্বৰ নাজাৰীও বাথৌ ধৰ্মৰ দৰ্শন সম্পৰ্কে এক নাতিদীৰ্ঘ বক্তৃতা প্ৰদান কৰে । বড়ো লোক কৃষ্টিৰে জীপাল হৈ পৰা এই আলোচনা চক্ৰত প্ৰাক্তন এবছু নেতা গংগা ধৰ ৰামচিয়াৰী, প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো, খৈৰাবাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হীৰণ ডেকা নাৰ্জীকে ধৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত খৈৰাবাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হীৰণ ডেকা নাৰ্জীৰ অধ্যক্ষতাত অনুষ্ঠিত “ধৰ্মৰ জৰিয়তে আদৰ্শ শিক্ষা লাভ কৰিব পাৰি” শীৰ্ষক আলোচনা চক্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতী, অধ্যাপক ভূপেন নাৰ্জাৰীয়ে ভাগ লয়। বিশিষ্ট সাংস্কৃতিক কৰ্মী ধৈৰ্য ডেকা ৰচিত ” মহামিলনৰ তীৰ্থ ভূমি/ চিৰ চেনেহী আই অসমী / নানা জাতি আৰু উপজাতিৰ সমন্বয়ৰে গঢ়া সম্প্ৰীতি/ মিলনৰ গীত গাওঁ মিলাই জ্যোতি/ বাথৌ মহামেলাত মিলনৰ গীত গাওঁ মিলাই জ্যোতি” শীৰ্ষক বৃন্দ গানটি তিনিটা ভাষাত পৰিৱেশন কৰাৰ লগে লগে প্ৰাণ পাই উঠে অনুষ্ঠান। সন্ধিয়া বাৰেৰহনীয়া কলা-কৃষ্টিৰে মুখৰ হৈ পৰে সোণালী জয়ন্তী সমাৰোহ থলী। কাইলৈ পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৱে। দুপৰীয়া ১২ বজাৰ পৰা হ’ব লগীয়া মুকলি সভা উদ্বোধন কৰিব বি টি চিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like