নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰৰ পৰা মণিপুৰ হৈ গুৱাহাটীলৈ আহে বৰবিহঃ উদ্বিগ্ন গৃহ মন্ত্রালয়

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্রই আৰক্ষীৰ চকুত ধূলি দি অবাধ হাৰত গুৱাহাটীলৈ অব্যাহত ৰাখিছে ড্রাগ্ছৰ সৰবৰাহ৷ চুবুৰীয়া ৰাষ্ট্র ম্যানমাৰৰ পৰা মণিপুৰ, নাগালেণ্ডৰ মাজেৰে ন ন কৌশলেৰে কোটি কোটি টকাৰ ড্রাগ্ছৰ সৰবৰাহ কৰি আহিছে৷ ড্রাগ্ছ সৰবৰাহকাৰী চক্রৰ ট্রেনজিট পইণ্টত পৰিণত হৈছে গুৱাহাটী মহানগৰী৷ মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্রৰ লগত জড়িত সংগীতাৰাণী দেৱী নামৰ মহিলাগৰাকীক গ্রেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে ড্রাগ্ছ সৰবৰাহকাৰী চক্রৰ ন ন তথ্য৷ ড্রাগ্ছ সৰবৰাহক লৈ মহানগৰ আৰক্ষীৰ প্রতিবেদনৰ পিছতেই উদ্বিগ্ণ হৈ পৰিছে গৃহ মন্ত্রালয়৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ড্রাগ্ছ সৰবৰাহৰ বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰি শেহতীয়াকৈ অসম ভ্রমণলৈ অহাৰ সময়তে আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তৰে এক আলোচনাত মিলিত হয় বুলি আৰক্ষীৰ এক উচ্চস্তৰীয় সূত্রই জানিবলৈ দিছে৷

ম্যানমাৰৰ পৰা মণিপুৰ, নাগালেণ্ডৰ মাজেৰে ড্রাগ্ছ সৰবৰাহকাৰী চক্রৰ সৈতে মণিপুৰী উগ্রপন্থী সংগঠন জড়িত থকাৰ সন্দেহ কৰা হৈছে৷ সেয়েহে গুৱাহাটীলৈ অবাধ হাৰত সৰবৰাহ হৈ থকা ড্রাগ্ছৰ গোচৰটোৰ তদন্ত কৰিবলৈ গৃহ মন্ত্রালয়ে ‘নিয়া’ক দায়িত্ব অর্পণ কৰিছে৷ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি গুৱাহাটীত ৰুজু হোৱা ড্রাগ্ছৰ গোচৰৰ তদন্ত কৰিবলৈ নিয়াক দায়িত্ব দিয়া হৈছে৷ উল্লেখ্য যে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই অভিযান চলাই পল্টনবজাৰৰ পৰা সংগীতাৰাণী দেৱী নামৰ ড্রাগ্ছ সৰবৰাহকাৰী মহিলাগৰাকীক গ্রেপ্তাৰ কৰাৰ পিছতেই পোহৰলৈ আহিছে অসমলৈ ড্রাগ্ছৰ সৰবৰাহ, ধনৰ লেনদেনৰ লগত উগ্রপন্থী সংগঠন জড়িত থকাৰ তথ্য৷ ধৃত সংগীতাৰাণীৰ স্বীকাৰোক্তিৰ ভিত্তিতেই ফাঁচীবজাৰৰ পৰা হাৱালাৰ জৰিয়তে ড্রাগ্ছ সৰবৰাহৰ ধন আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ ব্যৱসায়ীয়ে কেনেদৰে লাভ কৰিছিল, সেই কথাও পোহৰলৈ আহিছে৷

মহানগৰ আৰক্ষী অপৰাধ শাখাই হাৱালাৰ জৰিয়তে ধন আদায় দিয়াৰ অভিযোগত ফাঁচীবজাৰৰ এজন ব্যৱসায়ীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ লক্ষণীয় যে বিগত বর্ষত মহানগৰ আৰক্ষী অপৰাধ শাখাই এনডিপিএছ এক্টৰ অধীনত সর্বমুঠ ১০৬টা গোচৰ ৰুজু কৰি আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ মাফিয়া সংগীতাৰাণী দেৱীসহ ১৯৩জন ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ মহানগৰ আৰক্ষী অপৰাধ শাখাই সংগীতাৰাণী দেৱীৰ পৰা প্রায়৭৬ লাখ নগদ ধন জব্দ কৰিছিল৷ আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্রৰ সৈতে মণিপুৰী উগ্রপন্থী সংগঠন কিদৰে জড়িত, সেই তথ্য নিয়াৰ তদন্তত পোহৰলৈ আহিব৷

You might also like