নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি, শিক্ষক ৰবীন্দ্ৰ মোহন নাথৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি, সাহিত্যিক, শিক্ষক ৰবীন্দ্ৰ মোহন নাথে (৫৮) কেইবামাহ ধৰি অসুস্থতাৰ অন্তত আজি মৰিগাঁও নগৰৰ লঠাবড়ি নিজা বাসগৃহত শেষ নিশ্বাস  ত্যাগ কৰে।

প্ৰায় ৭ মাহ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা নাথ ৮ জানুৱাৰীৰ সন্ধিয়া হঠাৎ অধিক অসুস্থ হৈ পৰাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও কালি নিজ বাসগৃহলৈ পৰিয়ালৰ লোকে লৈ আহে আৰু আজি পুৱা ১০ বজাত নিজ বাসগৃহতে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়।

মৰিগাঁও জিলাৰ হাটীবাত গাঁৱত ১৯৬২ চনত জন্মগ্ৰহণ কৰা নাথ কৰ্মসূত্ৰে মৰিগাঁও নগৰৰ লঠাবড়ীত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত সক্ৰিয়ভাৱে জড়িত আছিল। সাহিত্যিক হিচাপে পৰিচিত ৰবীন্দ্ৰ মোহন নাথে মৃত্যুৰ আগলৈকে ঔতলাবড়ী চাপৰি মায়া, জীৱন নদীৰ ঘাট আদি কৰি কেইবাখনো উপন্যাস, কথা গুৰুচৰিত,গৱেষণা ধৰ্মী গ্ৰন্থ শংকৰদেৱ,নাথ-যোগী আৰু চুতীয়া জাতিৰ বিয়া নামকে ধৰি ১০খনতকৈ অধিক গ্ৰন্থ লিখি উলিওৱাৰ উপৰিও মাধৱদেৱৰ জীৱনী নামৰ গ্ৰন্থখনি প্ৰকাশৰ পথত আছিল।

আনহাতে বিভিন্ন বাতৰিকাকত,আলোচনী আদিত এজন নিয়মীয়া লেখক আছিল। মৰিগাঁৱৰ এইজন ব্যতিক্ৰম ধৰ্মী সাহিত্যিকৰ মৃত্যুত মৰিগাঁও জিলা সাহিত্যি সভা, মৰিগাঁও জিলা সাংবাদিক সংস্থা,সদৌ মৰিগাঁও নাথ -যোগী সাহিত্য সংস্কৃতি সন্মিলন,হাটীবাত জাতীয় বিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ সংঘ, নাথ-যোগী ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত নাথে পত্নী, ছোৱালী ৩ জনী, এজন ল’ৰাৰ লগতে আত্মীয়-স্বজনক এৰি যায়।

You might also like