নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত উদ্ধাৰ কিশোৰীসহ ১৫ যুৱক–যুৱতী

প্রলোভনৰ জালেৰে ৰাজ্যত সক্রিয় মানৱ সৰবৰাহকাৰী চক্র

নিয়মীয়া বাৰ্তা ২১ জুলাইঃ ৰঙিয়া ৰে’ল ষ্টেচনত টহলদাৰী আৰ পি এফে অভিযান চলাই মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা ৫গৰাকী কিশোৰীসহ ১৫ যুৱক–যুৱতীক উদ্ধাৰ কৰে৷ লগতে এগৰাকী মানৱ সৰবৰাহকাৰী মহিলাক আটক কৰিবলৈ সক্ষম হয়৷ উদ্ধাৰ হোৱা আটাইকেইজনৰ ঘৰ শোণিতপুৰ জিলাৰ অন্তর্গত ৰঙাপাৰা আৰু বিন্দুগুৰিত৷

মঙলবাৰে দিনৰ ভাগত ৰঙিয়া ষ্টেচনত ৰে’ল আৰক্ষীয়ে অভিযান চলাই ৫গৰাকী কিশোৰী, ৫গৰাকী যুৱতী আৰু ৫জন যুৱকক উদ্ধাৰ কৰে৷ চাবিনা নায়ক নামৰ মহিলাগৰাকীক মানৱ সৰবৰাহত জড়িত থকাৰ অভিযোগত আটক কৰে৷ সৰবৰাহকাৰীয়ে আটাইকেইজনক মুম্বাইৰ মাছৰ কোম্পানীত কাম কৰাৰ প্রলোভনেৰে নিবলৈ ওলোৱা মুহূর্তত জিআৰপিএফৰ অভিযানত উদ্ধাৰ কৰা হয়৷

উল্লেখ্য যে লকডাউনৰ সময়তো দৰিদ্রতাৰ সুযোগ লৈ এচাম পৰিয়ালৰ কিশোৰ–কিশোৰীক মানৱ সৰবৰাহকাৰী চক্রই এনেদৰে বহিঃৰাজ্যত বিক্রী কৰি আহিছে৷

You might also like