নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও গ্ৰন্থমেলাত লেখিকা সমাৰোহ সমিতিৰ মননশীল আলোচনা চক্ৰ

বিশেষ বাৰ্তা, ১৯ ডিচেম্বৰঃ নগাঁও চহৰৰ কলঙৰ বাকৰি নেহেৰুবালিত হোমেন বৰগোহাঞি ক্ষেত্ৰত ১৫ ডিচেম্বৰৰ পৰা অনুষ্ঠিত নগাঁও গ্ৰন্থমেলাৰ আজি পঞ্চম দিনা এক মননশীল আলোচনা চক্ৰ অনুষ্ঠিত হয়। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নগাঁও শাখাৰ উদ্যোগত অনুষ্ঠিত এই আলোচনা চক্ৰত সমিতিৰ সদস্যা সকলৰ লগতে বিভিন্ন জনে অংশগ্ৰহণ কৰি অনুষ্ঠানতো জীপাল কৰি তোলে। সমিতিৰ নগাঁও শাখাৰ সভিনেত্ৰী দীপা বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনা চক্ৰত কেবাগৰাকী বক্তাই ভাষন প্ৰদান কৰি সকলোকে মোহিত কৰে। উপন্যাসিকা অৰূপা পটঙ্গীয়া কলিতাৰ উপন্যাস “টোকোৰা বাহৰ সোনৰ বেজী”ত , প্ৰতিফলিত হোৱা অসমীয়া বাস্তৱ জীৱনৰ সমাজ ব্যৱস্থা শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰৰ মূল বক্তা হিচাপে অংশগ্ৰহণ কৰি ৰহা মহাবিদ্যালয়ৰ অধ্যাপিকা ড: ৰাজশ্ৰী বৰাই অৰূপা পটঙ্গীয়া কলিতাৰ উপন্যাসৰ বিভিন্ন দিশ উল্লেখ কৰি এক মননশীল বক্তব্য আগবঢ়ায়। তেওঁ লগতে কলিতাৰ উপন্যাসত প্ৰতি ফলিত হোৱা অসমীয়া সমাজ ব্যৱস্থাৰ বাস্তৱ ছবিৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। এই আলোচনা চক্ৰত সাহিত্যিক ড: থুনু কলিতাৰ লগতে দিপ্তী শৰ্মা,আভা বৰা, বীণা শৰ্মা, গীতা শইকীয়া, দেৱযানী শৰ্মা পাঠক, দীপা পণ্ডিত, জয়ন্তী বৰা , অমৃত প্ৰভা সুত, অপৰা ফুকন, উৰ্মিলা বৰুৱা, ৰানু বৰুৱা আদিৰ ওপৰিও সমিতিৰ শতাধিক সদস্যা উপস্থিত থাকে। সন্ধ্যা মুকলি কুইজ, যোগাসনৰ অনুষ্ঠানৰ পিছত শিৱ প্ৰসাদ বৰাৰ সোৱৰনত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

প্ৰেৰক কনক হাজৰিকা

You might also like