নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত পৌৰ কৰ্মচাৰীৰ তিনিদিনীয়া ধৰ্মঘট কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলৰ সমস্যাসমূহৰ সমাধানৰ বাবে আজিৰ পৰা পাঠশালা পৌৰসভাৰ কৰ্মচাৰীসকলে তিনিদিনীয়া কাৰ্যসূচীৰে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ পাঠশালা পৌৰসভা কাৰ্যালয়ত ৰূপায়ন কৰা এই ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৌৰ কৰ্মীসকলে আক্ষেপেৰে কয় যে তেওঁলোকৰ মাহিলী পাৰিতোষিক নিয়মীয়াভাৱে নোহোৱাৰ বাবে কৰ্মচাৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে৷ উল্লেখ্য যে পাচ ছয় মাহটো বেলেগেই সাতত্ৰিছ মাহ পৰ্যন্ত দৰমহা নোপোৱাত পৌৰ কৰ্মচাৰীসকলৰ পৰিয়াল চলোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈ আহিছে৷ মন কৰিব লগীয়া যে পূৰ্বৰ চৰকাৰৰ সময়ত নগৰ উন্নয়ন মন্ত্ৰী পীযুষ হাজৰিকাই কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ কথা কৈছিল যদিও সেই প্ৰতিশ্ৰুতিও অদ্যপি পূৰণ নহল৷ এনে এক প্ৰেক্ষাপটতে পৌৰ কৰ্মচাৰীসকলৰ চাকৰিসমূহ যাতে নিয়মীয়াকৰণ কৰে তাৰ বাবেও ধৰ্মঘটকাৰীসকলে চৰকাৰ তথা মূখ্যমন্ত্ৰীক বিনম্ৰভাৱে অনুৰোধ জনায়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like