নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰত ১৬ নৱেম্বৰত যুৱ সাংবাদিক সন্থা অসমৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসঃ শক্তিশালী অভ্যৰ্থনা সমিতি গঠন

নিয়মীয়া বাৰ্তা ২৭ অক্টোবৰঃ  শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ঐতিহ্যমণ্ডিত চাৰিদুৱাৰত অহা ১৬ নৱেম্বৰত যুৱ সাংবাদিক সন্থা অসমৰ উদ্যোগত আয়োজন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস । উক্ত অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ বিষয়ে আলোচনা কৰিবলৈ লগতে অভ্যৰ্থনা সমিতি গঠনৰ লক্ষ্যৰে কালি চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । যুৱ সাংবাদিক সন্থা অসমৰ বিত্ত সম্পাদক তথা সভাখনৰ আহ্বায়ক ৰিতুপৰ্ণ চক্ৰৱৰ্তীৰ আহ্বানত বিয়লি ৩:০০ বজাৰপৰা চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে সমাজকৰ্মী,শিক্ষক চন্দ্ৰকান্ত হাজৰিকাই । সাংবাদিক, সমাজকৰ্মী, আছু, অসম সেনা, আটছাকে আদি কৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, ৰাইজৰ প্ৰতিনিধি উপস্থিত থকা ৰাজহুৱা সভাখনত সৰ্বসন্মতিমৰ্মে যুৱ সমাজকৰ্মী ৰাজনীশ শইকীয়াক সভাপতি আৰু ক্ৰমে সাংবাদিক দ্বীপজ্যোতি শইকীয়া আৰু সাংবাদিক সৌৰভ দাসক যুটীয়া সম্পাদক হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয় ।

You might also like