নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰলুইতৰ খহনীয়াই বিপদ মাতিছে ডিব্ৰুগড়লৈ : নগাঘুলিৰ ৫০ বাসগৃহ জাহ গল ব্ৰহ্মপুত্ৰত

বিশেষ বাৰ্তা, ১২অক্টোবৰঃ ডিব্ৰুগড় ভৌগোলিক মানচিত্ৰৰ পৰাই নোহোৱা হৈ যাব পাৰে নেকি? ডিব্ৰুগড় চহৰৰ সমীপবৰ্তী মাইজানত বৰলুইতৰ ভয়াবহ গৰাখহনীয়াই এনে প্ৰশ্নই এতিয়া সকলোৰে মাজত ব্যাপক চৰ্চা লভিছে। ব্ৰহ্মপুত্ৰৰ অবৰ্ণনীয় পৰিস্থিতি তথা বিগত চাৰিদিন ধৰি ব্যাপক গৰাখহনীয়াৰ ফলত নগাঘূলিৰ কছাৰীলাইনৰ প্ৰায় ৫০ টা বাসগৃহ বিগত দিনকেইটাত ব্ৰহ্মপুত্ৰত জাহ যায়।ফলত ঘৰ-সম্পতি তথা জীৱনৰ সৰ্ব্বস্ব হেৰুৱাই এতিয়া ব্ৰহ্মপুত্ৰ মথাউৰিৰ ওপৰতে আশ্ৰয় লৈছে পৰিয়াল কেইটাই।বিগত সপ্তাহ ধৰি চুবুৰীয়া ৰাজ্য অৰুণাচলত ধাৰাষাৰ বৃষ্টিপাত হোৱাত ব্ৰহ্মপুত্ৰ নদী ফেনে-ফোটোকাৰে বাঢ়ি অহাত ডিব্ৰুগড়ৰ নগাঘূলীৰ পৰা মাইজানলৈ অব্যাহত আছে ব্ৰক্ষ্মপুত্ৰৰ ভয়াবহ গৰাখহনীয়া।

ইয়াৰে মাইজান আৰু নগাঘূলীত স্বৃষ্টি হোৱা খহনীয়াই স্থানীয় ৰাইজৰ নিদ্ৰা হৰণ কৰিছে।ডিব্ৰুগড়ৰ মাইজানত ব্ৰক্ষ্মপুত্ৰৰ ভয়াবহ খহনীয়াৰ ফলত চপৰা চপৰে খহাই নিছে বৃহৎ মঠাউৰিৰ একাংশ।ফলত প্ৰায় ১০কিঃমিঃ দুৰত্বত থকা মোহনবাৰী বিমান বন্দৰৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে।কেৱল সিমানেই নহয় ডিব্ৰুগড় চহৰৰ লগতে অসম চিকিৎসা মহাবিদ্যালয়,জিলা কাৰাগাৰ,লাহোৱাল পলিটেকনিক,লাহোৱাল আঞ্চলিক গৱেষণা কেন্দ্ৰৰ লগতে হাজাৰ হাজাৰ হেক্টৰ চাহ বাগিচাৰ ভূমি তথা বহু সংখ্যক চাহ উদ্যোগলৈ।এছিয়ান ডেভেলপমেন্ট বেংকৰ অৰ্থসাহাৰ্যত নিৰ্মাণ কৰা সুৰক্ষা বান্ধ ৰক্ষা কৰিবলৈ ডিব্ৰুগড়ৰ জলসম্পদ বিভাগে আপ্ৰাণ চেষ্টা কৰিছে যদিও এই পৰ্যন্ত সফল হব পৰা নাই।কালি মাইজান চাহ বাগিছা আৰু গ্ৰীণউদ বাগিচা বন্ধ কৰি শ্ৰমিকসকলেও শ্ৰমদানেৰে মেৰামতি কৰিছিল ভগ্ন মথাউৰি।

বৰ্তমান জলসম্পদ বিভাগে জেচিবি লগাই মথাউৰি নিৰ্মাণৰ কাম সুক্ষ্মভাবে পৰিদৰ্শন কৰি আছে জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে।ইতিমধ্যে ১০০ শতাংশ সুৰক্ষা বান্ধৰ মাটি নদীৰ গৰাখহনীয়াই উটুৱাই লৈ গৈছে যদিও কাষতে পুনৰ মথাউৰি নিৰ্মাণৰ প্ৰচেষ্টা চলাইছে জলসম্পদ বিভাগে।যোৱা তিনি দিনত ব্ৰহ্মপুত্ৰৰ ২৫০ মিটাৰ ভূমি জাহ গৈছে বৰলুইতৰ বুকুত। ইফালে জলসম্পদ বিভাগে মথাউৰি নিৰ্মাণৰ কাম অতি লেহেমীয়া গতিৰে কৰাৰ লগতে বিজ্ঞানসন্মত ভাৱে নকৰা বুলিও অভিযোগ তুলিছে স্থানীয় ৰাইজে।আনহাতেদি মাইজানত খহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰাৰ পিছতো লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই খবৰ লবলৈ উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।আজি লাহোৱাল সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই খহনীয়াস্থলীত উপস্থিত হৈ খহনীয়াৰ বুজ লয়।জলসম্পদ মন্ত্ৰী পীয়ুজ হাজৰিকাক অৱগত কৰাৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো এই সন্দৰ্ভত দৃষ্টিগোচৰ কৰাৰ কথা জানিবলৈ দিয়ে ঋতুপৰ্ণ বৰুৱাই ।

ইতিমধ্যে মাইজান নগাঘূলীৰ বহু কেইটা পৰিয়ালৰ গৃহ নদীত জাহ যোৱাৰ ফলত প্ৰাণৰ মমতাত ইতিমধ্যে অনান্য পৰিয়াল সমুহে নিজৰ বাসগৃহ এৰি মঠাউৰী তথা ৰিঙ বান্ধৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰিব লগা পৰিস্থিতি সৃষ্টি হৈছে।বিশেষকৈ ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি হৈ থকাৰ পৰিপ্ৰেক্ষিতত যিকোনো মুহূৰ্ততে নৈ পৰীয়া অঞ্চলটোত খহনীয়াত ঘৰ-বাৰী জাহ যোৱাৰ আশংকাত এতিয়া পথৰ ওপৰতে আশ্ৰয় গ্ৰহণ কৰিব লগা পৰিস্থিতি হৈছে।শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত প্ৰচণ্ড বৰষুণ হোৱাত ফেনে-ফুটুকাৰে বৃদ্ধি পাইয়ে আছে ব্ৰহ্মপুত্ৰ নদী।যাৰফলত খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি প্ৰায় দুশ মিটাৰ ভূমি জাহ যোৱাৰ পাছত সুৰক্ষা বান্ধটোৰ ডেৰশ মিটাৰ পৰ্যন্ত খহাই নিছিল।এনে পৰিপ্ৰেক্ষিতত সুঁতি সলাব নেকি ব্ৰহ্মপুত্ৰই? জাহ যাব নেকি ডিব্ৰুগড়?

ভৌগোলিক মানচিত্ৰৰ পৰাই হেৰাই যাব নেকি ঐতিহাসিক ডিব্ৰুগড় চহৰ? এনেবোৰ প্ৰশ্নত এতিয়া আতংকিত হৈ পৰিছে ডিব্ৰুগড় জনসাধাৰণ।বিগত ৮০ দশকত ডিব্ৰুগড়ত অনুৰূপ আতংকৰ স্বৃষ্টি হোৱাৰ লগতে বাছ,ৰেল,নাও সকলো জিলা প্ৰশাসনে সাজু কৰি ৰাখিব লগা পৰিস্থিতিৰ স্বৃষ্টি হৈছিল।প্ৰতিটো বৰ্ষতে ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ পৰা মাইজান অঞ্চললৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ ব্যাপক গৰা খহনীয়া হৈ আহিছে যদিও এই আহিন মাহত ভয়াবহ পৰিস্থিতিয়ে পুনৰ সকলোকে আতংকিত কৰি তুলিছে।ইতিমধ্যে হাজাৰ হাজাৰ হেক্টৰ কৃষি ভূমি নদীৰ বুকুত বিলীন হোৱাৰ লগতে বহু লোকৰ ঘৰ বাৰী উচ্ছেদ হৈছে।ঘৰ বাৰী এৰি বহু লোক মঠাউৰিত আশ্ৰয় লব লগীয়া হৈছে।উক্ত খহনীয়া অঞ্চলত সম্ভাব্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এন ডি আৰ এফ আৰু এচ ডি আৰ এফ বাহিনী মোতায়েন কৰিছে। স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি চৰকাৰ তথা বিভাগীয় কতৃপক্ষই তৎপৰতা অৱলম্বন কৰিছে যদিও নদীৰ কাষৰ পৰাই মাটি খান্দি মাটিৰে অস্হায়ী ৰিঙ বান্ধ নিৰ্মাণ আৰু পলিথিন বেগত মাটি ভৰাইহে মথাউৰী খহনীয়া অংশত দি পানী সোমোৱা ক্ষেত্ৰত বাধা দিয়াৰ চেষ্টা কৰিছে যদিও এইয়া ফুটুকাৰ ফেনতহে পৰিণত হৈছে। ফলত চকুৰ আগত খহিয়েই আছে চপৰা চপৰে মাটি। ৰাইজে খহনীয়া প্ৰতিৰোধৰ বাবে বাৰে বাৰে আবেদন কৰা পাছতো ৰাইজৰ কথাত গুৰুত্ব নিদিয়াত অৱশেষত মাইজানত ব্ৰহ্মপুত্ৰই খহালে ডিব্ৰুগড়ৰ ৰক্ষা কৱচ নগৰ সুৰক্ষা বান্ধ।কালি সেয়ে বান্ধ নিৰ্মাণ তথা খহনীয়া প্ৰতিৰোধৰ বাবে ওলাই আহিল পাঁচ সহস্ৰাধিক জনতা। জলসম্পদ বিভাগৰ বিৰুদ্ধে উজাৰিলে প্ৰচণ্ড ক্ষোভ। ৰঙা মাটিৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাত ক্ষুণ্ণ হৈ পৰিল ৰাইজ। উল্লেখ্য যে প্ৰতিটো বৰ্ষতে ডিব্ৰুগড় ৰহমৰীয়া পৰা মাইজান অঞ্চললৈ মহাবাহু ব্ৰহ্মপুত্ৰ খহনীয়া হৈ আহিছে যদিও চলিত বৰ্ষৰ ভয়াবহ পৰিস্থিতি সৃষ্টি হৈছে।অতি গুৰুত্বপূৰ্ণ বিষয়টো হল যে আহিনৰ আৱতৰীয়া বানে ব্ৰহ্মপুত্ৰত সৃষ্টি কৰা এই খহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে সমগ্ৰ ডিব্ৰুগড়লৈ। অসম চাহ মজদুৰ সংঘ, আটছা, চাহ জনগোষ্ঠী জাতীয় মহাসভা, আছাকে ধৰি বিভিন্ন দল সংগঠনে মাইজানত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া পৰিদৰ্শন কৰি চৰকাৰৰ বিৰুদ্ধে আজি প্ৰচণ্ড ক্ষোভ উজাৰিলে ।

প্ৰেৰক বিভাস দুৱৰা

You might also like