সৰুপেটাত গ্রামীণ জীৱিকা অভিযানৰ উদ্যোগত স্কুটী বিতৰণ বিধায়ক ফণীধৰ তালুকদাৰৰ
নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ : পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান, ভৱানীপুৰ উন্নয়ন খণ্ডৰ উদ্যোগত উন্নয়ন খণ্ডটোৰ কাৰ্যালয় প্রাংগণত আজি দিনৰ ভাগত আয়োজিত ‘সখী এক্সপ্ৰেছ’ ২০২১-২২ বিত্তীয় বৰ্ষৰ আঁচনিৰ সৈতে জড়িত সামুহিক কৰ্মীসকলৰ মাজত আনুষ্ঠানিক ভাৱে স্কুটী বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই কাৰ্যসূচীৰ জৰিয়তে ভৱানীপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ত্রিশ গৰাকী সামুহিক কৰ্মীক ত্রিশখন স্কুটী বিতৰণ কৰা হয়। স্কুটী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে। ভৱানীপুৰ উন্নয়ন খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া নিৰ্মল দাসে পৰিচালনা কৰা শুভাৰম্ভ অনুষ্ঠানত বিধায়ক তালুকদাৰে নিজৰ ভাষণত চৰকাৰৰ বিভিন্ন আঁচনি সম্পৰ্কে উপস্থিত ৰাইজক অৱগত কৰাৰ লগতে গুণানুকীৰ্তন কৰে। লগতে তেওঁ কয় যে অসমৰ নিত্য প্ৰয়োজনীয় কণী, গাখীৰ আদিত আমি আত্মনিৰ্ভৰশীল হ’ব লাগিব |অসমক এই ক্ষেত্রত আত্মনিৰ্ভৰ কৰিব পাৰিব মহিলাসকলে। ইয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি প্রস্তুত কৰিছে। অসমৰ বিশেষকৈ গাঁৱৰ মহিলাসকলে ইয়াৰ বাবে আগবাঢ়ি আহিব লাগে। চৰকাৰে সকলো ক্ষেত্রতে চেষ্টা অব্যাহত ৰাখিছে |কিন্তু ইয়াৰ সফলতা নিৰ্ভৰ কৰিব আমি কেনেকৈ কি আৰিহণা আগবঢ়াম ইয়াৰ ওপৰত । উল্লেখযোগ্য যে অনুষ্ঠানটোত অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ বজালী জিলাৰ প্রকল্প প্রবন্ধক চন্দন তালুকদাৰ, ভৱানীপুৰ খণ্ড উন্নয়ন বিষয়া ভৱানী পেগু, ভৱানীপুৰ খণ্ড প্রকল্প প্রবন্ধক দীপাংকৰ চৌধুৰী, ভৱানীপুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি বুদ্ধদেৱ পাটগিৰি আদিয়ে অংশগ্ৰহণ কৰে |
প্ৰেৰক ভূষণ তালুকদাৰ