নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ অঘটন ! সোণাৰিৰ টাউকাক চাহ বাগিচাৰ ফেক্টৰীৰ মেচিনে হাত কাটিলে শ্ৰমিকৰ

বিশেষ বাৰ্তা, ১৫ ছেপ্টেম্বৰ : অসমৰ সহস্ৰাধিক চাহ বাগিচাত থকা ফেক্টৰীসমুহ পৰিচালনা কৰিবৰ বাবে বাগিচা কৰ্তৃপক্ষসমুহে প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিকক নিয়োগ নকৰাৰ ফলত বাগিচাসমুহত বিভিন্ন সময়ত অলেখ দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ বৃহৎ বৃহৎ চাহ কোম্পানীসমুহে বুজন পৰিমাণৰ দৰমহা দি প্ৰশিক্ষণপ্ৰাপ্ত, কাৰিকৰী দক্ষতাসম্পন্ন শ্ৰমিকক নিয়োগ কৰাৰ সলনি বাগিচাৰ সাধাৰণ কৰ্মচাৰীক ফেক্টৰী পৰিচালনা কৰাৰ দায়িত্ব ন্যস্ত কৰাৰ বাবেই বিভিন্ন সময়ত এনে ঘটনা সংঘটিত হৈ আহিছে৷ কিছুদিনৰ পূৰ্বে ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ মইনা নায়ক নামৰ এগৰাকী যুৱতী বাগিচাখনৰ ফেক্টৰীত কৰ্মৰত অৱস্থাত ফেক্টৰীৰ মেচিনত মুৰ সোমাই লাওখোলা পৰ্যন্ত ওলাই অহাত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠাৰ পাছতো একাংশ চাহ বাগিচা কৰ্তৃপক্ষই এতিয়াও বাগিচাৰ ফেক্টৰী পৰিচালনা কৰিবৰ বাবে ফেক্টৰী পৰিচালনাৰ ক্ষেত্ৰত নুন্যতম জ্ঞান নথকা কাৰিকৰী দক্ষতাবিহীন সাধাৰণ শ্ৰমিকসকলকে ব্যৱহাৰ কৰি আহিছে৷ বাগিচা কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলা আৰু গাফিলতিৰ বাবে সোণাৰিৰ জয়শ্ৰী টি কোম্পানী মালিকানাধীন টাউকাক চাহ বাগিচাত আজি তেনে এক ঘটনাই সংঘটিত হ’ল৷ বাগিচাখনৰ ফেক্টৰীৰ ডায়াৰত কাম কৰি থকা অৱস্থাত বাগিচাখনৰ টিংকু তপ্নৰ(২৫) সোঁহাতখন মেচিনত সোমাই যোৱাত গুৰুংভাৱে আহত হয়৷ টাউকাক চাহ বাগিচাৰ দহ নম্বৰ লাইনৰ বাসিন্দা টিংকু বাগিচাখনৰ অস্থায়ী শ্ৰমিক আছিল৷ গুৰুতৰভাৱে আহত টিংকুক লগে লগে বাগিচাৰ হস্পিতালত প্ৰাথমিক চিকিৎসা কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে সোণাৰি ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ সম্প্ৰতি চিকিৎসাধীন অৱস্থাত থকা টিংকুৰ আঘাতপ্ৰাপ্ত হাতখনত আঠটাকৈ চিলাই পৰিছে৷ এজন অপ্ৰশিক্ষণপ্ৰাপ্ত সাধাৰণ অস্থায়ী শ্ৰমিকক বাগিচাৰ ফেক্টৰীৰ কামত নিয়োজিত কৰাক লৈ বাগিচাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

প্ৰেৰক দীপাংকৰ পাল

You might also like