নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাক উপত্যকাত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বৰাক উপত্যকাৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে। গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে ৰাওনা হৈ তেওঁ কাছাৰৰ ডলু ফিল্ডত উপস্থিত হয়।

তাত উপস্থিত হৈ সোণোৱালে বৰখলা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কিশোৰ নাথৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়। এই সময়ছোৱাত তেওঁ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ কাম-কাজৰ প্ৰশংসা কৰে।

বৰখলাত প্ৰচাৰ অভিযান সামৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী পিছত শিলচৰ অভিমুখে ৰাওনা হয়। শিলচৰত উপস্থিত হৈ তেওঁ বিজেপি প্ৰাৰ্থী ৰাজদীপ ৰায়ৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে।

এই প্ৰচাৰ কাৰ্যসূচীৰে বৰাক উপত্যকাত বিজেপিৰ নিৰ্বাচনী অভিযান অধিক তীব্ৰ হোৱাৰ ইংগিত পোৱা গৈছে।

ডিজিটেল ডেস্ক, ২৭ মাৰ্চ

You might also like