নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনৰ পূর্বে ৰাজ্যত সক্রিয় ব্রইলাৰৰ ছিণ্ডিকেট

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্রহণ কৰা চৰকাৰৰ দিনত এতিয়াও সক্রিয় হৈ আছে এটা বৃহৎ ছিণ্ডিকেট চক্র৷ কয়লা, চুপাৰি, পাণ, কণীৰ ছিণ্ডিকেটৰ পিছত এইবাৰ পোহৰলৈ আহিছে ব্রইলাৰ মুর্গীৰ ছিণ্ডিকেটৰ তথ্য৷ অভিযোগ অনুসৰি পশ্চিমবংগৰ পৰা আমদানি হোৱা ব্রইলাৰৰ ছিণ্ডিকেট শ্রীৰামপুৰ গেটৰ পৰা নিয়ন্ত্রণ কৰি আছে বাবু আলী এণ্ড কোম্পানীয়ে৷ শেহতীয়াকৈ ব্রার্ড ফ্লুৰ অজুহাত দি ৰাজ্য চৰকাৰে বহিঃৰাজ্যৰ পৰা ব্রইলাৰ মুর্গীৰ আমদানিত নিষেধাজ্ঞা আৰোপ কৰিছে৷ কিন্তু চৰকাৰৰ নিষেধাজ্ঞা সত্ত্বেও নিতৌ বহিঃৰাজ্যৰ পৰা ট্ৰাকে ট্ৰাকে গুৱাহাটীলৈ আমদানি হৈ আছে ব্রইলাৰ৷ এই গাড়ীসমূহ ফালাকাটাৰ পৰা আলীপুৰদুৱাৰ হৈ শ্রীৰামপুৰ গেট পাওঁতেই আৰম্ভ হয় ছিণ্ডিকেট৷ ফালাকাটাৰ জনৈক ৰিণ্টুৰ নির্দেশৰ ভিত্তিতে শ্রীৰামপুৰ গেটত ব্রইলাৰ ভর্তি গাড়ী পাৰ কৰি দিয়াৰ নামত বাবু আলী আৰু তেওঁৰ কেইজনমান ঘনিষ্ঠই সংগ্রহ কৰে ধন৷ প্রতিখন ডাঙৰ ট্রাকৰ পৰা অবৈধভাৱে সংগ্রহ কৰে ৪৫,০০০ টকা৷ ইয়াৰ বিপৰীতে প্রতিখন টাটা ডি আই ভেনৰ পৰা সংগ্রহ কৰে ২৫,৫০০ টকাকৈ৷ টকা নিদিলে গাডী পাৰ কৰিবলৈ নিদিয়ে এই চক্রটোৱে৷ ইয়াৰ ফলশ্রুতিতে গুৱাহাটী পাওঁতে দুগুণ হাৰত বৃদ্ধি পায় ব্রইলাৰৰ মূল্য৷ পশ্চিমবংগৰ পৰা প্রতিকেজি ১০৯ টকা দৰত ক্রয় কৰা ব্রইলাৰ ছিণ্ডিকেট চক্রটোৰ বাবে সাধাৰণ গ্রাহকে এতিয়া প্রতি কিলোত ক্রয় কৰিব লগা হৈছে ২৬০ দৰত৷এই ছিণ্ডিকেট চক্রক উৎখাত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে গুৱাহাটীৰ একাংশ ব্রইলাৰ মুর্গী আমদানি কৰা ব্যৱসায়ীয়ে৷

You might also like