নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ দাওধাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড

নিহত আওদা গয়াৰীয়ে পিতৃ গনেশ গয়াৰীৰ স'তে সুৰাপান কৰি প্ৰায়ে কাজিয়াত লিপ্ত হৈছিল

বাক্সা জিলাৰ শিমলা থানাৰ অন্তৰ্গত দাওধাৰাৰ গৌজন গামিত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়। তামোল বিক্ৰীক কেন্দ্ৰ কৰি পিতা-পুত্ৰৰ মাজত উদ্ভৱ হোৱা কাজিয়াৰ পৰিণতিত পিতৃৰ কোৰৰ আক্ৰমণত প্ৰাণ গ’ল পুত্ৰৰ।

প্ৰাপ্ত তথ্য মতে কালি (৩১ মাৰ্চ) দিনৰ ভাগত দাওঁধাৰাৰ গৌজন গামিত এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়। দাওধাৰা-গৌজন গামি গাঁওৰ পিতৃ গণেশ গয়াৰী আৰু পুত্ৰ আওদা গয়াৰীৰ মাজত তামোল বিক্ৰীক কেন্দ্ৰ কৰি কালি সংঘটিত হোৱা কাজিয়াৰ পৰিণতিত পিতৃয়ে খঙত হিতাহিত জ্ঞানশূণ্য হৈ পুত্ৰক কোৰেৰে আক্ৰমণ কৰি হত্যা কৰে।

স্থানীয় সূত্ৰে জানিব পৰা মতে নিহত পুত্ৰ আওদা গয়াৰীয়ে পিতৃ গনেশ গয়াৰীৰ স’তে সুৰাপান কৰি প্ৰায়ে কাজিয়াত লিপ্ত হৈছিল। ইতিমধ্যে শিমলা আৰক্ষী থানাৰ আৰক্ষীয়ে ঘাতক পিতৃ গণেশ গয়াৰীক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত কৰিছে আৰু নিহত আওদা গয়াৰীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

নিয়মীয়া বাৰ্তা, জালাহ, ১ এপ্ৰিল

You might also like