নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰৰ তিনি প্ৰাক্তন ছাত্র নেতাৰ বিজেপিত যোগদান

তিনিওগৰাকী প্ৰাক্তন ছাত্র নেতাক বিজেপিলৈ আদৰণি জনায় বিধায়ক উৎপল বৰাই

গহপুৰ সমষ্টিৰ তিনিগৰাকী প্ৰাক্তন ছাত্র নেতাই আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰে। জানিব পৰা মতে- ছয়দুৱাৰ আঞ্চলিক ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক নৱজ্যোতি ৰাজখোৱা, বিশ্বনাথ জিলা ছাত্র সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক প্ৰহ্লাদ শইকীয়া আৰু পূৱ ছয়দুৱাৰ আঞ্চলিক ছাত্র সন্থাৰ প্ৰাক্তন উপ-সভাপতি অশোক ৰয়ে গহপুৰ সমষ্টিৰ বিধায়ক তথা আসন্ন বিধান সভা নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী উৎপল বৰাৰ জৰিয়তে বিজেপিত যোগদান কৰে।

তিনিওগৰাকী প্ৰাক্তন ছাত্র নেতাক বিজেপিলৈ আদৰণি জনায় বিধায়ক উৎপল বৰাই। উৎপল বৰাৰ কলাবাৰী কোঁচগাঁৱৰ বাসগৃহত অনুষ্ঠিত এক যোগদান সভাত উক্ত তিনি নেতাই বিজেপি দলত যোগদান কৰে।

বিশেষ বাৰ্তা, গহপুৰ, ১ এপ্ৰিল

You might also like