নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা ৰেচম কৃষি প্ৰদৰ্শনী

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মাণ্ডলিক গৱেষণা কেন্দ্ৰ (AAU-ZRS), উত্তৰ লখিমপুৰৰ উদ্যোগত আৰু গ্ৰাম্য ৰেচম কৰ্ম অভিজ্ঞতা কাৰ্যসূচীৰ পৰ্যবেক্ষক ড° বীথিকা ফুকনৰ তত্বাবধানত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰেচম মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে গ্ৰাম্য  ৰেচম কৰ্ম অভিজ্ঞতা কাৰ্যসূচীৰ অধীনত  মাণ্ডলিক গৱেষণা কেন্দ্ৰ, উত্তৰ লখিমপুৰত আজি এখন ৰেচম তথা কৃষি প্ৰদৰ্শনী মেলা সফলভাৱে অনুষ্ঠিত  কৰে।

সভাৰ মুখ্য অতিথি আছিল লখিমপুৰ  জিলাৰ  ৰেচম বিভাগৰ সহকাৰী সঞ্চালক  ড° দিপক কুমাৰ নাথ। তেওঁ ভাষণত ছাত্ৰ-ছাত্ৰী আৰু কৃষকসকলৰ মাজত থকা অতি গুৰুত্বপূৰ্ণ সম্পৰ্কৰ বিষয়ে  বিষদভাৱে চৰ্চা কৰে। লগতে  এই সভাৰ বিশেষ অতিথি আছিল মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ,উত্তৰ লখিমপুৰৰ মুখ্য বিজ্ঞানী তথা কেন্দ্ৰৰ মুৰব্বী ড° প্ৰবাল শইকীয়া। তেওঁ ভাষণত ছাত্ৰীসকলৰ দায়িত্ব সম্পৰ্কে বিশদভাৱে ব্যাখ্যা কৰে।

এই সভাত মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ বিভিন্ন বিষয়ৰ বিজ্ঞানীসকল ড° বীথিকা ফুকন, ড° য়াটেৰ দাস, ড° নিপেন কুমাৰ গগৈ, ৰেচম প্ৰদৰ্শক প্ৰেমানন্দ দত্ত আৰু ৰূপক বৰাই অংশগ্ৰহণ কৰি প্ৰদৰ্শনীটোৱে  কৃষকসকলক কেনেধৰণে সহায় কৰিব সেই বিষয়ে আলোচনা কৰে।

সভাখনত প্ৰায় ৫০জন কৃষকে অংশগ্ৰহণ কৰে আৰু কৃষকসকলে নিজৰ অভিজ্ঞতাবোৰ বৰ্ণনা কৰে। সভাখনত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰেচম মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠানতো অংশগ্ৰহণ কৰে। এই প্ৰদৰ্শনী মেলাৰ জৰিয়তে লখিমপুৰ জিলাৰ  কৃষকসকলৰ  বহু প্ৰকাৰে  সহায় হব বুলি আশা কৰা হৈছে।

বিশেষ বাৰ্তা, লখিমপুৰ, ২০ মাৰ্চ

You might also like