নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীকৃষ্ণৰ অৱতাৰত ৰাষ্ট্র–সমাজ গঠনৰ লক্ষ্য প্রকাশ পাইছিল

শিৱসাগৰত বক্ততৃানুষ্ঠানত দিগন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা ১৯ এপ্ৰিলঃ শিৱসাগৰ নগৰৰ কালীবাৰীত আজি এক আধ্যাত্মিক বত্তৃণতানুষ্ঠান অনুষ্ঠিত হয়৷ নিউলুক একাডেমীত অনুষ্ঠিত উক্ত বত্তৃণতানুষ্ঠানত শ্রীৰামকৃষ্ণ, বিবেকানন্দ আৰু স্বামী অৰবিন্দৰ অনুৰাগী দিগন্ত বিশ্ব শর্মাই ‘অৱতাৰ শ্রীকৃষ্ণ’ বিষয়ত গভীৰ আধ্যাত্মিক জ্ঞানসম্পন্ন বত্তৃণতা প্রদান কৰে৷ মেঘালী হাজৰিকাই আঁত ধৰা আৰু শ্রীমন্ত বৰঠাকুৰে ব্যাখ্যা আগবঢ়োৱা উক্ত বত্তৃণতানুষ্ঠানত শ্রীশ্রী কৃষ্ণৰ একান্ত অনুৰাগীজনে শ্রীকৃষ্ণৰ অৱতাৰ গ্রহণ কৰা লক্ষ্য আৰু উদ্দেশ্য সন্দর্ভত গভীৰ ব্যাখ্যা আগবঢ়ায়৷ তেওঁ কয়– ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ ‘তোৰে মোৰে আলোকৰে যাত্রাৰ, জীৱনৰ অর্থ অভিনৱ’ৰ প্রতি সমাজৰ সুধীবৃন্দই ভ্রক্ষেপ নকৰিলে৷ যাৰ বাবে সমাজত এক আধ্যাত্মিক জ্ঞানৰ উদ্রেক নহ’ল৷ শ্রীকৃষ্ণ মানে বিশ্বব্রহ্মাণ্ডৰ প্রভু৷ এই জগত মানে বাসুদেৱ৷ সমগ্র প্রকৃতি শ্রীকৃষ্ণৰ এক অভিব্যক্তি৷

ভগৱানৰ লীলাত দুটা দিশ আছে– এক মধুৰ আনটো ভয়াৱহ৷ ৰাসলীলাৰ মধুৰ ৰসৰ বিপৰীতে কুৰুক্ষেত্রত নির্মম ভয়াৱহ ৰূপ দেখা গৈছে৷ শ্রীকৃষ্ণ কিয় ধৰালৈ আহিছিল? গীতাত এই সন্দর্ভত উল্লেখ আছে৷ গীতাৰ দুটা শ্লোক জনপ্রিয়, কিন্তু এই দুটা শ্লোকেই স্বয়ংসম্পূর্ণ নহয়৷ গীতাত কৈছে– ধর্মৰ গ্লানিৰ সময়ত শ্রীকৃষ্ণ পৃথিৱীলৈ আহিছিল৷ কিন্তু দুষ্টক দমন আৰু সন্তক পালনৰ বাবেই শ্রীকৃষ্ণ ধৰালৈ আহিছিলনে? গীতাৰ চতুর্থ অধ্যায়ৰ ৭ আৰু ৮নং শ্লোক সকলোৰে জ্ঞাত, কিন্তু উক্ত অধ্যায়ৰ ৯ আৰু ১০নং শ্লোকৰ কথা নাজানিলে আমি শ্রীকৃষ্ণক সম্পূর্ণ জানিব নোৱাৰিম৷ ৯নং শ্লোকত কৈছে– মই দৈৱ, মই কোনো মানৱীয় লক্ষ্য লৈ অহা নাই৷ ১০নং শ্লোকত কৈছে– তেওঁৰ পৰমানন্দ ভাবত স্থিতি ল’ব লাগিব মানুহে৷

যাৰবাবে শ্রীকৃষ্ণই অর্জুনক জ্ঞান দিওঁতে তিনিটা গোপনীয় কথাৰ শিক্ষা দিছিল৷ কিন্তু তেওঁ অর্জুনৰ হৈ একো কৰা নাছিল৷ শিক্ষাৰ অন্তত কৈছিল– এতিয়া তোমাৰ ইচ্ছা অনুসাৰে কৰা, তোমাক দিব লগা শিক্ষা মই দিলোঁ৷ এই গোপন শিক্ষা অর্জুনক প্রদান কৰি শ্রীকৃষ্ণই গীতাৰ ওঠৰ অধ্যায়ৰ ৬১নং শ্লোকত কৈছে– মই সকলো লোকৰ হূদয়ত বাস কৰোঁ৷ ৬২নংত কৈছে– তেওঁৰ অনুগ্রহেই সর্বস্ব৷ সেইদৰে ৬৩নংত কৈছে– তুমি মোতেই মন স্থিৰ কৰা আৰু তুমি মোকেই পাবা৷ পৰিশেষত ৬৪নং শ্লোকত কৈছে– তুমি সকলো ধর্ম ত্যাগ কৰি মোত আশ্রয় লোৱা৷ ইয়াৰ বাবেই ভগৱান বিষ্ণুৱে দিব্যজন্ম গ্রহণ কৰিছিল৷ এই দিব্যজন্মৰ দুটা দিশ, অৱতৰণ আৰু আৰোহণ৷ এনে অৱতৰণ মানুহৰ মাজত ভগৱানৰ আবির্ভাৱ আৰু আনটো মানুহৰ মাজত ভগৱানৰ শ্বাসত প্রকাশ৷ অৱতৰণ মানে এই আধ্যাত্মিক প্রকাশক মানুহৰ মাজত প্রকট কৰা৷ মানুহৰ মাজত ভগৱতৰ প্রতিষ্ঠাই হৈছে ধর্ম৷ কিন্তু ধর্মৰ ব্যাখ্যা ভাৰতত অতি ঠেক নহয়, মানুহৰ মাজত আধ্যাত্মিক বিকাশ আৰু বিৱর্তন ধর্মৰ উপযুক্ত ব্যাখ্যা৷ কেৱল ন্যায়, অনুশাসন, ভাল, শুভ আদিয়ে ধর্ম নহয়৷ মানুহৰ মাজত থকা ভাগৱত প্রকৃতিক উত্তৰণ কৰাও ধর্মৰ আন এক ব্যাখ্যা৷

সেইদৰে কেৱল মানুহৰ মাজত থকা ধর্মই সর্বস্ব নহয়৷ মানুহৰ লগত প্রকৃতিৰ সংপৃক্ত হোৱাও এক ধর্ম৷ আধ্যাত্মিক উত্তৰণৰ বাবে যি বেয়াবোৰ এৰি আহিব লাগে সেইবোৰ অধর্ম৷ আনহাতে, যিবোৰক লৈ আগুৱাই যাব লাগে সেয়া ধর্ম৷ মানৱক দেৱত্ত প্রদানৰ পথ প্রদান কৰাই অৱতাৰৰ মূল লক্ষ্য৷ এক আধ্যাত্মিক জীৱন প্রণালী প্রদান কৰি দেৱত্ত লাভৰ পথ প্রদর্শন কৰাই শ্রীকৃষ্ণৰ অৱতাৰৰ মূল লক্ষ্য৷ শ্রীকৃষ্ণৰ অৱতাৰৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰি শর্মাই কয় যে মানুহৰ প্রকৃতিত ভগৱতক স্থাপন কৰি এক আধ্যাত্মিক পথ প্রর্দশন কৰিয়ে শ্রীকৃষ্ণই অৱতাৰৰ সামৰণি মৰা নাছিল৷ ৰাষ্ট্র আৰু সমাজ গঠনৰো লক্ষ্য শ্রীকৃষ্ণৰ অৱতাৰত প্রকাশ পাইছিল৷ ভাৰতীয় জাতীয় চৈতন্য প্রতিষ্ঠাও আছিল শ্রীকৃষ্ণৰ লক্ষ্য৷ যাৰ বাবে দৈৱপ্রদত্ত শ্রীকৃষ্ণই কৌৰৱ কুলৰ বিনাশ কৰি পাণ্ডৱক ভাৰতত প্রতিষ্ঠা কৰিছিল৷ এইদৰে ধর্ম, আধ্যাত্মিকতাৰ লগতে দেশ, সমাজ আৰু ৰাজনীতি প্রতিষ্ঠা কৰি গৈছিল৷ আজিৰ গম্ভীৰ এই বত্তৃণতানুষ্ঠানত সাহিত্যিক দিপালী ভট্টাচার্য, কবি প্রেম গগৈকে আদি কৰি বহু গণ্যমান্য লোক উপস্থিত থাকি কৃষ্ণৰসৰ আনন্দ উপভোগ কৰে৷

You might also like