নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাওবাদী হিদমাৰ মূৰৰ মূল্য ৭ লাখ ঘোষণা নিয়াৰ

নিয়মীয়া বাৰ্তা ১৯ এপ্ৰিলঃ ছত্তিশগড়ত শেহতীয়াকৈ নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে চলোৱা আক্রমণত ২২গৰাকীকৈ জোৱান শ্বহীদ হোৱাৰ পিছত কুখ্যাত মাওবাদী বিদ্রোহী মাদভি হিদমাৰ মূৰৰ মূল্য ৭ লাখ টকা ঘোষণা কৰিছে ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই৷ উল্লেখনীয় যে ২০১৯ত ছত্তিশগড়ৰ বিধায়ক ভিমা মান্দাভিৰ হত্যাকাণ্ডতো জড়িত আছিল চি পি আই (মাওবাদী) এই দুর্ধর্ষ বিদ্রোহীজন৷ তেতিয়াই ৰাজ্য চৰকাৰে হিদমাৰ বিৰুদ্ধে ৭ লাখ টকা মূৰৰ মূল্য ঘোষণা কৰিছিল৷ শেহতীয়াকৈ নিয়াৰ তৰফৰ পৰাও বিদ্রোহী হিদমাৰ মূৰৰ মূল্য ঘোষণা কৰিছে৷ স্মর্তব্য যে ৩ এপ্রিলত বিজাপুৰত নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে আক্রমণ চলাইছিল বিদ্রোহীয়ে৷

You might also like