নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৰুজনাৰ ধ্বনিৰে মুখৰিত কাকীৰ ডেকাগিৰি সমন্বয় ক্ষেত্ৰ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱাবাহিনীৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী উৎসৱ

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হোজাই জিলা সেৱাবাহিনীৰ আতিথ্যত কাকীৰ ডেকাগিৰি সমন্বয় ক্ষেত্ৰত যোৱাকালি ৮অক্টোবৰৰ পৰা অনুষ্ঠিত হৈছে শংকৰদেৱ সংঘৰ চালিকাশক্তি তথা স্পন্দন স্বৰূপ কেন্দ্ৰীয় সেৱাবাহিনীৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী উৎসৱ।

ৰাজ্যখনৰ লগতে উত্তৰ পূৰ্বাঞ্চল তথা দেশৰ ৰাজধানী দিল্লীকে ধৰি ৫৪ খন জিলাৰ বিভিন্ন প্ৰান্তৰ সেৱক-সেৱিকা,আই-মাতৃ,বাপ-বান্ধৱৰ উপস্থিতিত যোৱাকালিৰে পৰা ডেকাগিৰি সমন্বয় ক্ষেত্ৰ গুৰুজনাৰ ধ্বনিৰে মুখৰিত হৈ আছে।

আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী পুৱা ৫বজাত পৰিৱেশ নিকাকৰণেৰে আৰম্ভ হয়।৭ বজাত কেন্দ্ৰীয় সেৱাবাহিনীৰ দ্বাৰা নামপ্ৰসংগৰ পাছতে ৯বজাত ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে।৯-৪৫ বজাত আৰম্ভ হয় ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা। গুৰজনাৰ মহান সৃষ্টিৰ প্ৰদৰ্শনৰ লগতে অসমীয়া সমাজ জীৱনৰ জীৱন্ত চিত্ৰ আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহণীয়া সাংস্কৃতিক কলা প্ৰদৰ্শনেৰে উলিওৱা বিশাল সাংস্কৃতিক শোভাযাত্ৰাই এক অনন্য মাত্ৰা প্ৰদান কৰে। ১১-৩০ বজাৰ পৰা মূল মণ্ডপত অনুষ্ঠিত হয় মুকলি সভা।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈৰ সঞ্চালনাত আৰু সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই উদ্ধোধন কৰা মুকলি সভাখনত উপস্থিত থাকে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই, স্থানীয় বিধায়ক শিবু মিশ্ৰ, তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ, নিউজ লাইভৰ এডিটৰ ইন চীফ চৈয়দ জাৰিৰ হুচেইন, সাংবাদিক অনুপম চক্ৰৰ্ৱতী, শিশুবক্তা বিশ্বজ্যোতি নেওগ আদি।

ইপিনে নিশালৈ মূল মণ্ডপত অনুষ্ঠিত হব শিৱপ্ৰসাদ বৰা সোঁৱৰণি শংকৰী সংগীত আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ। ইয়াৰ লগতে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ কলা বিভাগৰ দ্বাৰা পৰিৱেশন হব গুৰজনাৰ মহান সৃষ্টি অংকীয়া নাট প্ৰদৰ্শন।

-প্ৰণৱ কুমাৰ বৰা,কাকী

You might also like