নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচিত সদস্যৰ শপতগ্ৰহণ, মুখ্য কাৰ্যবাহী জীৱন চন্দ্ৰ কোঁৱৰ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ আজি মৰিগাঁও জিলা সদৰস্থিত পবিতৰা হাট সভাগৃহত ৰাতিপুৱা এঘাৰ বজাত তিৱা স্বায়ত্ত পৰিষদৰ নৱ নিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰে। যোৱা ১৭ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হৈ যোৱা তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত জয় লাভ কৰা বিজেপি প্ৰাৰ্থীৰ নিৰ্বাচিত সদস্যসকলৰ মদন বৰদলৈক স্থায়ী অধ্যক্ষ, অংকুৰ দেউৰীক উপাধ্যক্ষ, জীৱন চন্দ্ৰ কোঁৱৰক মুখ্য কাৰ্যবাহী বিষয়া, তুলসী বৰদলৈক উপ-মুখ্য কাৰ্যবাহী বিষয়া হিচাপে লৈ মুঠ ১৪গৰাকী সদস্যই ২০০৫ ৰ তিৱা স্বায়ত্ত শাসিত পৰিষদ নিৰ্বাচনী আইনৰ ১১৯ আৰু ১২০ বিধি মতে অসম চৰকাৰৰ CADৰ আয়ুক্ত মলয় বৰাই শপতবাক্য পাঠ কৰায় ।

তিৱা স্বায়ত্ত পৰিষদৰ প্ৰধান সচিবে আঁত ধৰা আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়ক তথা অসমৰ নগৰ উন্নয়ন তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী পীযূষ হাজৰিকা, মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক তথা অসমৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, ৰহা আৰু দিছপুৰ সমষ্টিৰ বিধায়কদ্বয় দীপক শৰ্মা আৰু অতুল বৰা, জিলা উপায়ুক্ত লীনা দাস, জিলা আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলা, অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা, সহ-আয়ুক্ত  মৈত্ৰেয়ী মৰাণ প্ৰমুখ্যে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, ছপা আৰু বৈদ্যুতিক মাধ্যমৰ সাংবাদিকসকলৰ লগতে বহুতো লোক উপস্থিত আছিল

You might also like