নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰবাসী অসমীয়া কৰুণা সাগৰ দাসৰ মৃত্যু, মৰ্মাহত অসমবাসী

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ প্ৰবাসী অসমীয়া চিকিতসক কৰুণা সাগৰ দাসৰ আজি ব্ৰিটেইনত পুৱা প্ৰায় ৫.৪০ বজাত মৃত্যু হয়। কৰুণা সাগৰ দাসৰ জন্ম হৈছিল ১৯৪৫ চনৰ ৮ মে’ত। দুৰাৰোগ্য ৰোগত ভুগি থকা কৰুণা সাগৰ দাস শেহতীয়াকৈ আক্ৰান্ত হৈছিল কভিড-১৯ত। লণ্ডনত থাকিও অসম আৰু অসমীয়া সমাজ-সংস্কৃতিক নিজ হৃদয়ত জীপাল কৰি ৰখা দাসৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে অসমবাসীক।

অসম আৰু লণ্ডনক একাকাৰ কৰিব বিচৰা কৰুণা সাগৰ দাসে ১৯৯৯ চনৰ পৰা প্ৰকাশ কৰি আহিছিল দ্বৈতভাষাৰ বছৰেকীয়া আলোচনী ‘লুইতৰ পৰা টেমছলৈ’। অসমীয়া ভাষা-সাহিত্যৰ পৰা সমাজ-সংস্কৃতিৰ প্ৰতি থকা অপৰিসীম ভালপোৱাৰ বাবে বিশাল অন্তৰৰ দাসক সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই ‘সাগৰ’ ৰূপে সন্মানিত কৰিছিল।

হাজোৰ কুলহাটীৰ পৰা লণ্ডনলৈ যাত্ৰা কৰা দাসৰ মৃত্যুৱে অসমক ব্যথিত কৰাই নহয়, অসমক প্ৰাণভৰি ভালপোৱা এগৰাকী সঁচা অসমীয়াকো অসমবাসীয়ে হেৰুৱালে।

You might also like