নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাদেশীকৃত বিদ্যালয়ত স্নাতক শিক্ষক নিযুক্তিঃ ৫ নৱেম্বৰলৈ বৃদ্ধি অনলাইন আবেদনৰ সময়

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ প্রাদেশীকৃত মাধ্যমিক বিদ্যালয়সমূহত স্নাতক শিক্ষক পদৰ নিযুক্তিৰ অনলাইন আবেদন–পত্র দাখিলৰ সময়সীমা বৃদ্ধি কৰা হৈছে৷ এই সন্দর্ভত আজি মাধ্যমিক শিক্ষা বিভাগৰ অতিৰিক্ত সচিব এফ এইচ চৌধুৰীয়ে বিভাগীয় সঞ্চালকলৈ এক নির্দেশনা প্রেৰণ কৰে৷ এএছই ৫৩৫/২০২১/৯৭ নম্বৰৰ নির্দেশনা পত্রখনত উল্লেখ কৰা অনুসৰি যোৱা ১৫ ছেপ্ঢেম্বৰত প্রকাশিত প্রাদেশীকৃত মাধ্যমিক বিদ্যালয়ত স্নাতক শিক্ষক নিযুক্তিৰ বিজ্ঞাপনটোৰ বিপৰীতে অনলাইন আবেদন প্র–পত্র দাখিলৰ সময় অহা ৫ নৱেম্বৰৰ মাজনিশা পর্যন্ত বৃদ্ধি কৰা হৈছে৷ আনহাতে, আবেদনকাৰী প্রার্থীসকলৰ টেট উত্তীর্ণৰ প্রমাণ–পত্রক লৈ যথেষ্ট সতর্ক হৈছে মাধ্যমিক শিক্ষা বিভাগ৷ নির্দেশনাটোত উল্লেখ কৰা মতে, টেট উত্তীর্ণৰ প্রমাণ–পত্র পৰীক্ষা কৰা হ’ব৷ যদিহে তাত কোনো বিসংগতি ধৰা পৰে, তেন্তে সংশ্লিষ্ট প্রার্থীৰ বাছনি তথা নিযুক্তি বাতিল কৰা হ’ব৷

You might also like