নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ নৱোদয় হাইস্কুলত উত্তপ্ত পৰিস্থিতি

চিৰাং জিলাৰ নাঙলভাঙা নৱোদয় হাইস্কুলত এটা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। অভিযোগ অনুসাৰে, ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ফাৰুক আব্দুল্লাক ক্ষুব্ধ অভিভাৱকসকলে প্ৰহাৰ কৰে।

স্থানীয় ৰাইজে অভিযোগ কৰি কয় যে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ কিতাপ দিয়াৰ নামত ৫০০ টকা মাচুল দাবী কৰা হৈছিল আৰু এই ধন নিদিলে কিতাপ প্ৰদান নকৰা হ’ব বুলি কোৱা হৈছিল। এই অভিযোগক কেন্দ্ৰ কৰি ৰাইজৰ মাজত ক্ষোভ সৃষ্টি হয় আৰু তাৰ পৰিণতিত প্ৰধান শিক্ষকজনক প্ৰহাৰ কৰা হয় বুলি জানিব পৰা গৈছে।

আনফালে বিদ্যালয়খনৰ শিক্ষকে জনোৱা মতে, অভিভাৱকসকলৰ সৈতে সভা অনুষ্ঠিত কৰি বিদ্যালয়খনত এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে জোতা, টাই, বেল্ট আৰু আইকাৰ্ড আদি ব্যৱস্থাৰ বাবে ৫০০ টকা সংগ্ৰহ কৰা হৈছিল।

উল্লেখযোগ্য যে, বিদ্যালয়খনৰ প্ৰধান শিক্ষকক প্ৰহাৰ কৰা ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ঘটনাৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক,  ২৩ এপ্ৰিল

You might also like