নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ভিতৰতে শুৱালকুছিত হ’ব বিজেপিৰ সৰ্বাংগসুন্দৰ কাৰ্যালয়

বিশেষ বাৰ্তা, ৪ ডিচেম্বৰঃ বস্ত্ৰনগৰী শুৱালকুছিত ৮ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আগমনক লৈ বিজেপিৰ শুৱালকুছি মণ্ডলৰ কাৰ্যালয়ৰ চোতালত এখন সভা অনুষ্ঠিত হয়৷ শুৱালকুছি মণ্ডল বিজেপিৰ সভাপতি ধীৰাজ মহন্ত (বুবু)ৰ পৰিচালনাত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক কৃষাণ মৰ্চাৰ সম্পাদক তথা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক ৰঞ্জিত ভট্টাচাৰ্যই শুৱালকুছিত মুখ্যমন্ত্ৰীৰ প্ৰচেস্টাত নতুনকৈ নিৰ্মাণ হৈ উঠা শুৱালকুছি মণ্ডল বিজেপিৰ কাৰ্যালয়টি অতি সৰ্বাংগসুন্দৰ হৈ উঠা বুলি উল্লেখ কৰি অসমৰ ভিতৰতে ই অদ্বিতীয় হব বুলি দোহাৰে৷ অতি সুন্দৰ সভাকক্ষ, আকৰ্ষণীয় কেইবাটিও কোঠা, সন্মুখত পাৰ্কিঙৰ সুবিশাল ঠাই আদিৰে কাৰ্যালয়টো দেখনীয়া হৈ পৰিছে৷ ইফালে শুৱালকুছি পলাশবাৰী দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হলে শুৱালকুছিৰ সকলো দিশৰ যোগাযোগ অতি সুন্দৰ হৈ পৰিব৷ এই দলংখন বৃহত্তৰ অঞ্চলটোৰ বাবে এক মাইলৰ খুটি হব৷ তেওঁ ৮ ডিচেম্বৰৰ দিনটোত মুখ্যমন্ত্ৰীৰ দ্বাৰা কাৰ্যালয় উদ্বোধন আৰু দলংৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ এই দুয়োটা অনুস্হানতে ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ তেওঁ কামনা কৰে৷ সভাত অংশ লৈ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে মুখ্যমন্ত্ৰীৰ সেইদিনটোৰ কাৰ্যসূচী সমুহ অৱগত কৰি শুৱালকুছি মণ্ডলৰ অন্তৰ্গত নখন পঞ্চায়তৰ অন্তৰ্গত দলৰ কৰ্মী আৰু কাৰ্যকৰ্তাসকলক মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীত উপস্থিত থকাৰ বাবে আহ্বান জনায়৷ দীৰ্ঘদিন বিৰতিৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে শুৱালকুছিত যিহেতু উপস্থিত হব সেয়েহে সকলোকে অনুস্হানত অংশগ্ৰহণ কৰাৰ কথা তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে অংশ লব লগা দুয়োটা অনুস্হানে গুৰুত্বপূৰ্ণ৷ কিয়নো শুৱালকুছি মণ্ডল কাৰ্যালয় নিৰ্মাণ এক সপোন আছিল৷ তাক আজি বাস্তৱিক হল৷ আনহাতে মুখ্যমন্ত্ৰীগৰাকীৰ নিজৰ প্ৰচেস্টাত ব্ৰহ্মপুত্ৰ ওপৰত শুৱালকুছি-পলাশবাৰী সংযোগী দল এখন এই অঞ্চলৰ ৰাইজে লাভ কৰাটো অতি সৌভাগ্যৰ বিষয় ৷ ইয়ে শুৱালকুছিকে ধৰি ইয়াৰ পাৰ্চৱৰ্তী অঞ্চলৰ ৰাইজক বাৰুকৈয়ে সকলো দিশতে উপকৃত কৰিব৷ তেওঁ সকলোকে অনুস্হানত শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায়৷ সভাত ৰাজ্যিক অনুসুচিত জাতি মৰ্চাৰ উপ সভাপতি প্ৰকাশ দাস, মণ্ডলৰ সম্পাদক মাণিক দাস, দুলু দাস প্ৰমুখ্যে দলৰ কাৰ্যকৰ্তা আৰু দলীয় কৰ্মী প্ৰায় পাঁচ শতাধিক উপস্থিত থাকে৷

প্ৰেৰক দিলীপ মেধি

You might also like