নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূতিগন্ধময় পৰিৱেশত ধাৰাপুৰ চাৰিআলি বজাৰ

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ ধাৰাপুৰ চাৰিআলি দৈনিক বজাৰখনৰ কদর্য পৰিৱেশে ক্রেতা–বিক্রেতাসকলৰ লগতে সর্বসাধাৰণ নাগৰিকৰ প্রাত্যহিক জীৱন বিপন্ন কৰি তুলিছে৷ উল্লেখনীয় যে ৰাণী উন্নয়ন খণ্ডৰ অধীনত চলা ধাৰাপুৰ চাৰিআলি দৈনিক বজাৰখন খণ্ড উন্নয়ন বিষয়াই নিবিদা আহ্বান কৰি পৰিচালনাৰ বাবে মহলদাৰক আবণ্টন দিয়ে৷ কিন্তু অতি পৰিতাপৰ কথা এই যে অতি পুৰণি কালৰ পৰাই চলি অহা বজাৰখনৰ উন্নয়নৰ ক্ষেত্রত ৰাণী উন্নয়ন খণ্ডই অদ্যাপি কোনোধৰণৰ বিভাগীয় পদক্ষেপ গ্রহণ নকৰা বুলি একাংশ ক্রেতা–বিক্রেতাই গুৰুতৰ অভিযোগ তুলিছে৷

৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত পুৰাতন কালৰে পৰাই গঢ়ি উঠা এই বজাৰখনৰ এক ঐতিহাসিক গুৰুত্ব আছে৷ ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰাই চলি অহা ধাৰাপুৰ চাৰিআলি দৈনিক বজাৰখনত দীপৰ বিলৰ সুস্বাদু মাছ আৰু ব্রহ্মপুত্রৰ মাজৰ চৰনেহালি বালিচৰত উৎপাদিত শাক–পাচলি অতি সহজতে উপলব্ধ হয়৷ যাৰ বাবে ধাৰাপুৰ চাৰিআলি বজাৰখনলৈ দৈনিক পুৱাৰ পৰা নিশাপর্যন্ত যথেষ্টসংখ্যক লোকৰ সমাগম ঘটে৷ তেনেস্থলত প্রয়োজনীয় সা–সুবিধাৰে উপলব্ধ হোৱাকৈ সংশ্লিষ্ট কর্তৃপক্ষই বজাৰখন গঢ়ি তোলা নাই৷ পৰিতাপৰ কথা এই যে একাংশ অসাধু ব্যৱসায়ীৰ দায়িত্বজ্ঞানহীন মনোভাবৰ বাবেই বজাৰখনৰ চৌদিশ কদর্যতাই বিৰাজ কৰিছে৷ ইপিনে, বজাৰখনৰ আবণ্টন লাভ কৰা মহলদাৰজনেও দৈনিক বজাৰখন পৰিষ্কাৰ নকৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

বজাৰখনত নাই ডাষ্টবিনৰ সুবিধা৷ ডাষ্টবিনৰ নামত বজাৰখনত আছে ভগা–ছিগা এটা লোৰ বাকচ৷ ব্যৱসায়ীসকলে পাচলিৰ আৱর্জনা আৰু মাছ–মাংসৰ অৱশিষ্টবোৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত পেলাই আহিছে৷ তেনেস্থলত এনেদৰে নিতৌ আৱর্জনা পেলাই অহাৰ ফলত বজাৰখনৰ য’তে–ত’তে আৱর্জনাৰ পাহাৰ সদৃশ দ’মত পৰিণত হৈছে ৷ দীপৰ বিলৰ পানীত ওপঙি থকা আৱর্জনাবোৰ পচি যোৱাৰ ফলত সৃষ্টি হোৱা দুর্গন্ধই স্বাভাৱিক পৰিৱেশ বিনষ্ট কৰি তুলিছে৷ আনহাতে এজাক সাধাৰণ বৰষুণতে বজাৰখন কদর্যময় হৈ পৰে৷

পুনৰ উল্লেখনীয় যে সন্ধিয়া হোৱাৰ লগে লগে বজাৰখনৰ চলি আহিছে চুলাই মদৰ মুকলি বেহা ৷ এনে এক আচহুৱা পৰিৱেশৰ মাজত চলি থকা বজাৰখনৰ প্রতি সুদৃষ্টি দিবলৈ ধাৰাপুৰ তালুক কমিটী, ধাৰাপুৰ চাৰিআলি শ্রী শ্রীশ্যামা পূজা কমিটী কিম্বা ধাৰাপুৰ চাৰিআলি বজাৰ কমিটীখনৰ অদ্যাপি আহৰি নাই বুলিও একাংশ ব্যৱসায়ীয়ে গুৰুতৰ অভিযোগ তুলিছে৷

লক্ষণীয় যে একাংশ বিক্রেতাই ধাৰাপুৰ চাৰিআলিৰ বজাৰখনৰ মাজেৰে যোৱা ধাৰাপুৰ–পলাশবাৰী পথটোৰ দাঁতিত দোকান–পোহাৰ দি মূল যাতায়াত পথটো সংকুচিত কৰি পেলাইছে৷ যাৰ ফলত প্রতিদিনে ধাৰাপুৰ চাৰিআলি চ’কটোত পুৱাৰ পৰা নিশাপর্যন্ত ব্যাপক যান–জঁটৰ সৃষ্টি হৈ আহিছে৷ এইক্ষেত্রত আজাৰা যান–বাহন আৰক্ষীয়ে চকুমুদা কুলিৰ ভাও ধৰি থকা বুলিও গুৰুতৰ অভিযোগ তুলিছে একাংশ স্থানীয় সচেতন নাগৰিকে ৷ তেনেক্ষেত্রত এই ঐতিহাসিক ধাৰাপুৰ চাৰিআলি দৈনিক বজাৰখন অত্যাধুনিক সা–সুবিধা উপলব্ধ হোৱাকৈ গঢ়ি তুলিবলৈ একাংশ ব্যৱসায়ীৰ লগতে বৃহত্তৰ ধাৰাপুৰবাসী ৰাইজে বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাক দাবী জনাইছে৷

You might also like