নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰণিগুদামত বিশ্বৰ সর্ববৃহৎ মহামৃত্যুঞ্জয় মন্দিৰৰ স্থিৰ প্রাণ প্রতিষ্ঠা

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ  দীর্ঘদিনীয়া অপেক্ষাৰ অন্তত নগাঁৱৰ পুৰণিগুদামৰ ভেৰভেৰী নৰসিংহ ক্ষেত্রত নির্মাণ কৰা বিশ্বৰ ভিতৰতে সর্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ আজি প্রতিষ্ঠা হ’ল৷ ২০০৪ চনৰ পৰা বাবা ভৃগুগিৰি মহাৰাজৰ অধ্যক্ষতাত ভেৰভেৰী নৰসিংহ ক্ষেত্রত নির্মাণকার্য চলি আছিল এই মহামৃত্যুঞ্জয় মন্দিৰৰ৷ ২২ ফেব্রুৱাৰীৰ পৰা অনুষ্ঠিত স্থিৰ প্রাণ প্রতিষ্ঠা মহোৎসৱৰ পাছতেই শনিবাৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত সম্পূর্ণ বৈদিক ৰীতি–নীতিৰে মন্দিৰৰ প্রাণ প্রতিষ্ঠা সম্পন্ন হয়৷ ২২ ফেব্রুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা স্থিৰ প্রাণ প্রতিষ্ঠা মহোৎসৱত তামিলনাডুৰ দুশৰো অধিক বেদব্যাস পণ্ডিতে অংশগ্রহণ কৰে৷

শনিবাৰে পুৱা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, পত্নী ৰিণিকি ভূঞা শর্মা, পর্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, সাংসদ পল্লৱলোচন দাস, সাংসদ হৰেনছিং বে’, বিধায়ক ৰূপক শর্মা, কার্বি আংলং স্বায়ত্ত পৰিষদৰ অধ্যক্ষ তুলিৰাম ৰংহাং, প্রাক্তন বিধায়ক বিজেপি নেতা বিদ্যাছিং ইংলেং, প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহঁাইসহ বহুকেইগৰাকী বিজেপি নেতা তথা মন্ত্রী পীয়ূষ হাজৰিকাৰ পত্নী তথা অভিনেত্রী আইমী বৰুৱাৰ উপস্থিতিত মন্দিৰৰ প্রাণ প্রতিষ্ঠা সম্পন্ন হয়৷ ইয়াৰ পাছতেই ৰাষ্ট্রীয় পর্যায়ৰ ডাম বাদক শিৱামণিয়ে বাদ্য বজাই উপস্থিত ভক্তপ্রাণ ৰাইজক আপ্লুত কৰে৷ উল্লেখ যে অকল ৰাজনৈতিক নেতাসকলেই নহয়, স্থানীয় কেইবাগৰাকী বিশিষ্ট ব্যক্তি, মন্দিৰ প্রতিষ্ঠাৰ লগত জডিত তথা বর্তমান মন্দিৰৰ প্রাণ প্রতিষ্ঠা সমাৰোহৰ কার্যকৰী সভাপতি প্রবীণ গোস্বামীকে ধৰি প্রতিষ্ঠাকালৰ কেইবাগৰাকী ব্যক্তিও উপস্থিত থাকে৷ তামিলনাডু, বেনাৰস, উত্তৰ প্রদেশ, মধ্যপ্রদেশৰ পৰা অহা বহুকেইগৰাকী বিদগ্ধ বেদব্যাস পণ্ডিতে সম্পূর্ণ ৰীতি–নীতিৰে মন্দিৰত শিৱলিংগ প্রতিষ্ঠা কৰে যদিও মন্দিৰটো ভক্তপ্রাণ ৰাইজৰ বাবে এতিয়াও মুকলি হোৱা নাই৷

উল্লেখ যে ২০০৩ চনতে বাবা ভৃগুগিৰি মহাৰাজৰ অধ্যক্ষতাত ৫১ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞ সম্পন্ন হৈছিল৷ এই যজ্ঞৰ পাছৰে পৰা প্রতিবছৰে মাঘী পূর্ণিমাৰ দিনটোত মহামৃত্যুঞ্জয় যজ্ঞ অনুষ্ঠিত হৈ আহিছিল৷ ইয়াৰ উপৰি নৰসিংহ ক্ষেত্রত থকা অস্থায়ী মন্দিৰত দৈনিক ভক্তপ্রাণ ৰাইজে নিজৰ মনোকামনা পূৰণৰ বাবে ধূপ, চাকি জ্বলাই আহিছিল৷ বর্তমান এই অস্থায়ী মন্দিৰত থকা শিৱলিংগ উঠাই নি  নতুন মন্দিৰত স্থাপন কৰাৰ পাছতে বিশ্বৰ সর্ববৃহৎ মন্দিৰটোৱে পূর্ণাংগ ৰূপ পায়৷ বিশ্বাস কৰা হয় যে এই নৰসিংহ ক্ষেত্রত দৈত্য গুৰু শুক্রাচার্যই মৃত্যুঞ্জয় যজ্ঞ কৰিছিল৷ সেই যজ্ঞ কৰা শিৱলিংগ মন্দিৰৰ তলত থকা হেতু সেই লিংগৰ সম্পূর্ণ ওপৰত এই মন্দিৰটো নির্মাণ কৰি মাটিৰ তলত থকা শিৱলিংগ আৰু মন্দিৰত থকা শিৱলিংগ একত্রিত কৰা হৈছে৷

শনিবাৰে দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত স্থিৰ প্রাণ প্রতিষ্ঠাৰ সর্বোত্তম মুহূর্তৰ সাক্ষী হয় ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা অহা হাজাৰ হাজাৰ ভক্তপ্রাণ লোক৷ বিশেষকৈ সকলো ভক্তপ্রাণ ৰাইজক মন্দিৰ চৌহদত প্রৱেশ কৰিবলৈ দিয়া নাই যদিও মন্দিৰৰ কাষত থকা বৃহৎ যজ্ঞ মণ্ডপৰ কাষৰে পৰা মন্দিৰ প্রতিষ্ঠাৰ সর্বোত্তম মুহূর্তৰ সাক্ষী হয়৷ ইফালে সন্ধিয়া ৬ বজাৰ পৰা যজ্ঞ মণ্ডপত মহামৃত্যুঞ্জয় যজ্ঞৰ অধিবাস আৰু মূর্তি স্থাপন কার্যসূচী অনুষ্ঠিত হয়৷ কাইলৈ মহামৃত্যুঞ্জয় যজ্ঞৰ পুৱা ৮ বজাত চাপানালা জলপ্রপাতৰ পৰা জলাৰোহণ কার্যসূচী অনুষ্ঠিত হ’ব৷ এই জলাৰোহণ কার্যসূচীত ১,০০১গৰাকী মহিলাই অংশগ্রহণ কৰিব৷ অসমৰ ভিন্ন প্রান্তৰ পৰা অহা হাজাৰ হাজাৰ লোকে নৰসিংহ ক্ষেত্রত উপস্থিত হ’ব৷

You might also like