নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ২,০২৯ ফিল্ডতহে নির্বাচনী সভা অনুষ্ঠিত কৰিব পাৰিব ৰাজনৈতিক দলে

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ  ক’ভিডকালত অনুষ্ঠিতব্য অসম বিধানসভা নির্বাচন মুক্ত–নিকা–সুৰক্ষিত সম্পন্ন কৰাৰ প্রতিশ্রুতি দিছে ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই৷ দেশৰ নির্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ পাছতেই তিনিটা পর্যায়ত হ’বলগীয়া বিধানসভা নির্বাচনক লৈ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয় তৎপৰ হৈ পৰিছে৷ শনিবাৰে জনতা ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত মুখ্য নির্বাচনী বিষয়া খাড়েই বিধানসভা নির্বাচনৰ প্রস্তুতি সম্পর্কীয় কেতবোৰ গুৰুত্বপূর্ণ তথ্য সদৰী কৰে৷ তেওঁ প্রকাশ কৰা অনুসৰি এইবাৰ ৰাজ্যৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ২,৩১,৮৬,৩৬২জন৷ ইয়াৰে ১,১৭,৪২,৬৬১জন পুৰুষ হোৱাৰ বিপৰীতে ১,১৪,৪৩,২৫৯গৰাকী মহিলা৷ তদুপৰি ডি ভোটাৰৰ সংখ্যা হ’ল ১,০৮,৫৯৬জন৷ সেইদৰে মুঠ ভোটাৰৰ ১,৩২,০৮১জন দিব্যাংগ আৰু ২,৯০,৬৭৭জন আশী বছৰৰ ঊর্ধ্বৰ জ্যেষ্ঠ নাগৰিক৷

মন কৰিবলগীয়া যে মুঠ ভোটাৰৰ ৫,০৫,৮৭৪জনেই হৈছে নৱপ্রজন্মৰ৷ অর্থাৎ এইসকল ভোটাৰৰ বয়স হ’ল ১৮–১৯ বছৰ৷ তিনিটা পর্যায়ত হ’বলগীয়া ভোটগ্রহণ প্রক্রিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে এইবাৰ সমগ্র ৰাজ্যত ৩৩,৫৩০টা ভোটগ্রহণ কেন্দ্র থাকিব৷ ইয়াৰে ৫,৩২৫টা ‘অক্সিলেৰী প’লিং ষ্টেচন’৷ ভোটগ্রহণ কেন্দ্রত নিয়োজিত হ’বলগীয়া ২,৪১,২৬৯জন বিষয়া–কর্মচাৰীক প্রয়োজনীয় প্রশিক্ষণ প্রদান কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷

নির্বাচন মুক্ত আৰু নিকা কৰাৰ স্বার্থত ইতিমধ্যে কেন্দ্রীয় সশস্ত্র বাহিনীৰ অসমলৈ আগমন আৰম্ভ হোৱা বুলি জানিবলৈ দি তেওঁ কয় যে শেহতীয়াকৈ কেন্দ্রীয় সশস্ত্র বাহিনীৰ ৪০টা অতিৰিক্ত কোম্পানী অসমলৈ অনুমোদন জনোৱা হৈছে৷ এই ৪০টা অতিৰিক্ত কোম্পানী ইতিমধ্যে মোতায়েন কৰাৰ উপৰি আৰু কেন্দ্রীয় সশস্ত্র বাহিনীৰ দল অসমলৈ অহাৰ সম্ভাৱনা আছে৷

নির্বাচনী প্রক্রিয়াত নিয়োজিত হ’বলগীয়া আৰক্ষীৰ লোকসকলক প্রশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ সদৰী কৰে৷

মুখ্য নির্বাচনী বিষয়া খাড়েই জানিবলৈ দিয়া মতে, অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান (টি এ পি) এল আৰ বিষ্ণইক ইয়াৰ বাবে ন’ডেল বিষয়াৰ দায়িত্ব দিয়া হৈছে৷ আৰক্ষী বাহিনীৰ লোকসকলৰ প্রশিক্ষণ ইতিমধ্যে যোৱা ২৬ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু মার্চ মাহৰ প্রথম সপ্তাহতে ইয়াৰ অন্ত পৰিব৷ মুঠৰ ওপৰত এইবাৰৰ নির্বাচনত কোনেও বাহুবল, ধনবল, সুৰাবল প্রয়োগ কৰিব নোৱাৰাকৈ সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি মুখ্য নির্বাচনী বিষয়া খাড়েই স্পষ্ট কৰি দিয়ে৷ প্রধানতঃ ক’ৰোনাৰ সংক্রমণ প্রতিৰোধকল্পেই নির্বাচন প্রক্রিয়া যাতে সুৰক্ষিতভাৱে সম্পন্ন হয়, তাৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰা বুলিও তেওঁ মন্তব্য কৰে৷ এই সুৰক্ষাত্মক ব্যৱস্থা তিনিটা দিশত গ্রহণ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে ক’ৰোনা প্রতিৰোধকল্পে ব্যৱহূত বিভিন্ন সা–সামগ্রী মজুত ৰখা হৈছে আৰু প্রায়সংখ্যক জিলালৈ প্রেৰণ কৰা হৈছে৷ অহা ৫ মার্চৰ ভিতৰত এই সা–সামগ্রীসমূহ প্রতিখন জিলালৈ প্রেৰণ কৰা হ’ব৷ নির্বাচনী প্রক্রিয়াত ক’ভিড প্রট’কল কঠোৰভাৱে বলৱৎ কৰা হ’ব৷ ক’ভিড প্রট’কল উলংঘা কৰাসকলৰ বিৰুদ্ধে দুর্যোগ প্রশমন আইন, ২০০৫ৰ উপৰি ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা লোৱা হ’ব৷ এই প্রসংগতে তেওঁ এক গুৰুত্বপূর্ণ বিষয় সদৰী কৰে৷

মুখ্য নির্বাচনী বিষয়া খাড়েই কয় যে এইবাৰ নির্বাচন আয়োগে নির্দিষ্ট কৰি দিয়া ৰাজ্যৰ মুঠ ২,০২৯খন ফিল্ডতহে ৰাজনৈতিক দলসমূহে জনসভা অনুষ্ঠিত কৰিব পাৰিব৷ ইয়াৰ বাবে অনলাইনযোগে আবেদন কৰিব লাগিব ৰাজনৈতিক দলসমূহে৷ যিয়ে প্রথমে আবেদন কৰে, সেই ৰাজনৈতিক দলেহে এইক্ষেত্রত অগ্রাধিকাৰ লাভ কৰিব৷ ৰাজনৈতিক দল আৰু প্রার্থীসকলক ঘৰে ঘৰে প্রচাৰ চলোৱাৰ অনুমতি দিয়া হ’ব যদিও নিৰাপত্তাৰক্ষীক বাদ দি এনে প্রচাৰ অভিযানত সর্বাধিক ৫জন লোকহে থাকিব৷ ৰোড শ্ব’ৰ ক্ষেত্রত নিৰাপত্তাৰক্ষীৰ বাহনক বাদ দি এটা কনভয় ৫খন গাড়ীতেই শেষ হ’ব লাগিব৷

তদুপৰি দুটা কনভয়ৰ মাজত ব্যৱধান আধা ঘণ্টাৰ হ’ব৷ সেইদৰে ৰাজহুৱা সভা, সমদল আদিৰ ক্ষেত্রত ক’ভিড–১৯ গাইড লাইন সম্পূর্ণৰূপে মানি চলিব লাগিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ ক’ৰোনা সংক্রমণ প্রতিৰোধৰ প্রতি লক্ষ্য ৰাখিয়েই এইবাৰ পোষ্টেল বেলটৰ ক্ষেত্রত নতুন নিয়ম বলৱৎ কৰা হৈছে৷ এই সন্দর্ভত মুখ্য নির্বাচনী বিষয়া খাড়েই জানিবলৈ দিয়া অনুসৰি ক’ভিড–১৯ আক্রান্ত ৰোগী, দিব্যাংগ, আশী বছৰৰ ঊর্ধ্বৰ জ্যেষ্ঠ নাগৰিক আৰু নির্বাচনী প্রক্রিয়াত নিয়োজিত বিষয়া–কর্মচাৰীয়ে পোষ্টেল বেলট লাভ কৰিব৷ এইসকল লোকৰ যিয়ে পোষ্টেল বেলট ব্যৱহাৰ কৰিবলৈ আগ্রহী, তেওঁলোকে অধিসূচনা জাৰিৰ ৫ দিনৰ ভিতৰত আবেদন কৰিব লাগিব৷ তদুপৰি প্রতিটো ভোটগ্রহণ কেন্দ্রতে ভোটাৰৰ মাজত ৬ ফুট ব্যৱধান ৰখা, হাত ধোৱাৰ বাবে চাবোন–ছেনিটাইজাৰ ৰখা, ভোটদানৰ সময়ত গ্ল’ভ্ছ দিয়া আদি ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷

সেইদৰে অসমত সকলো নির্বাচনী বিষয়া–কর্মচাৰীক আগশাৰীৰ কর্মী হিচাপে গণ্য কৰি অহা ১ মার্চৰ পৰা তেওঁলোকক প্রতিষেধক প্রদান প্রক্রিয়া আৰম্ভ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে৷ নির্বাচনী অধিসূচনা জাৰি তথা আচৰণ বিধি বলৱৎ হোৱাৰ পাছতেই ৰাজনৈতিক দল আৰু চৰকাৰী আঁচনিৰ বেনাৰ–পোষ্টাৰ আঁতৰোৱাৰ প্রক্রিয়া আৰম্ভ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে৷

ইফালে সংবাদ মেলত উপস্থিত থকা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান এল আৰ বিষ্ণয়ে কয় যে ইতিমধ্যে অবৈধ অস্ত্রৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হৈছে৷ যোৱা ২৩ ডিচেম্বৰৰ পৰা ৬,২২১খন জামিনবিহীন গ্রেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে আৰু ইয়াৰে কার্যকৰী হৈছে ৩,৭০১খন৷

You might also like