নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষ্ণচূড়া-এজাৰ-সোণাৰুৰ পাহিৰে সুশোভিত নগাঁৱৰ ৰাজপথ

নিয়মীয়া বাৰ্তা, ১৭ মে’ : এতিয়া বহাগ-জেঠ মাহৰ বতৰ। এই সময়তেই প্ৰকৃতিয়ে বিনন্দীয়া ৰূপ ধাৰণ কৰে। গছ -লতাৰ ৰং-বিৰঙী ফুলে সুশোভিত কৰি তোলে প্ৰকৃতিক। এইবাৰ অনাবৃষ্টি আৰু খৰাঙে এই ক্ষেত্ৰত কিছু প্ৰভাৱ পেলাইছে যদিও প্ৰকৃতিৰ চিৰাচৰিত নিয়ম মানি গছ -বিৰিখত ক্ৰমশ সমাহাৰ ঘটিছে ফুলৰ। সমগ্র ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ পথৰ দাতি, হাবি -জংঘলত ভৰি পৰিছে ৰং-বিৰঙৰ ফুল। নগাঁৱৰ আকাশ এতিয়া বিভিন্ন প্ৰজাতিৰ ফুলৰ সমাহাৰত জিলিকি উঠিছে। বসন্ত কালত গছ-বিৰিখে কুহিপাট মেলাৰ পিছত এতিয়া গ্ৰীষ্ম কালৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে এক বিনন্দীয়া ৰূপ ধাৰণ কৰিছে। চৌপাশৰ গছ-বিৰিখ এতিয়া হৈ পৰিছে চঞ্চলা। বিভিন্ন প্ৰজাতিৰ ফুলৰ সমাহাৰত জাতিস্কাৰ গছ -বিৰিখ। অনাবৃষ্টি আৰু খৰাং বতৰৰ মাজতে খেয়ালি প্ৰকৃতিয়ে নিজৰ নিয়ম আপোন মনেৰে পালন কৰি গৈছে। উৎকট গৰমৰ বাবে প্ৰায় বাহিৰলৈ ওলাব নোৱাৰা পৰিস্থিতিৰ মাজতে মানুহৰ মনত প্ৰশান্তিৰ ডাৱ বিয়পাই আশাৰ সঞ্চাৰ কৰিবলৈ অতি সন্তৰ্পনে আগবাঢ়িছেপ্ৰকৃতি। নগাঁৱৰ আকাশত এতিয়া চৌপাশে গছ -বিৰিখৰ সেউজীয়া পাত আৰু সেউজ পাতৰ মাজত বিৰাজমান। ৰং-বিৰঙৰ ফুল। প্ৰাণ পাই উঠিছে ফুলৰ চঞ্চলতা। আকাশ ভৰি ফুলা সোণাৰু, কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ ফুলৰ বিনন্দীয়া পৰিবেশে প্ৰকৃতিপ্ৰেমীৰ মন-প্ৰাণ পুলকিত কৰি তুলিছে। অনাবৃষ্টি আদি প্ৰতিকুল পৰিবেশৰ মাজত ক্ষণিকৰ বাবে হলেও মানুহৰ মন প্ৰশান্তিময় কৰি তুলিছে। এত গ্ৰীষ্ম, বৰ্ষা ঋতুৱে ধৰণীলৈ কঢ়িয়াই আনে অলেখ প্ৰত্যয় আৰু প্ৰতিশ্ৰুতি। কিন্তু এইবাৰ এই সময়ত কম পৰিষৰত দুই এজাক বৰষুণ আহিছে যদিও প্ৰচণ্ড ৰদে ভুমুকি মৰাত জনজীৱনত প্ৰভাৱ পেলাইছে। তাৰ মাজতো যেনিয়েই চোৱা যায় তেনিয়েই দেখা যায় কৃষ্ণচূড়া, এজাৰ, সোনাৰু আদি ফুলৰ প্ৰাণ চঞ্চলতা। বিতোপন পৰিবেশৰ সৃষ্টি কৰা এই গছ-বিৰিখৰ এতিয়া যেন কাৰোলৈ ভ্ৰূক্ষেপ নাই। এই সময় এজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু ফুলাৰ বতৰ। এজাৰ ফুলৰ। বেজাৰ লগাবলৈ নহয়, এতিয়া নগাঁৱৰ আকাশত ফুলি উঠা এজাৰকে ধৰি আন ফুলে যেন মানুহৰ মনৰ দু:চিন্তা ,অৱসাদ ঘটাবলৈ আতৰাবলৈ ব্যস্ত হৈ পৰিছে।এজাৰৰ সমানে নগাঁৱৰ আকাশত জিলিকিছে বসন্তৰ পৰশ লাগি আকাশ ৰঙাই চৌদিশ-চৌপাশ ফুলিছে ৰাধাচূড়া, কৃষ্ণচূড়া। তলসৰা ফুলে যেন পাতি দিছে ৰঙৰ।দলিছা। ফুলৰ ৰং-বিৰঙৰ দৃশ্যই এতিয়া নগাঁৱত সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। প্ৰকৃতিৰ এনে বিনন্দীয়া পৰিবেশ দেখি গীতিকাৰে সৃষ্টি কৰে মনপৰশা গীত আৰু কবিতা।ৰঙীন এই ফুলৰ আৰত বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটিৰ লুকাভাকুয়ে প্ৰকৃতিক অতি মনোমোহা কৰি তুলিছে।খৰাং সদৃশ প্ৰতিকুল পৰিবেশৰ অভিজ্ঞতাৰে পুষ্ট মানৱ জীৱনলৈ প্ৰকৃতিৰ মায়াময় পৰিবেশে খনিকৰ বাবে হলেও আশাৰ বতৰা কঢ়িয়াই আনিছে‌। এজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া, সোনাৰু ফুলৰ ৰঙীন পৰিবেশে বিধৌত কৰি তুলিছে মানুহৰ মন। বিভিন্ন কাৰণত ভাৰাক্ৰান্ত মানুহৰ আনি দিছে প্ৰশান্তি। বিনন্দীয়া প্ৰকৃতিৰ ৰূপত মানুহে লাভ কৰিছে অনাবিল আনন্দ।

প্ৰেৰক কনক হাজৰিকা

You might also like