নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাপানীজ এনকেফেলাইটিছ, ডেংগু, মেলেৰীয়া তথা অন্যান্য বাহকজনিত ৰোগ প্ৰতিৰোধ সন্দৰ্ভত তিনিচুকীয়া জিলা টাস্ক ফ’ৰ্চৰ গুৰুত্বপূৰ্ণ বৈঠক

 

নিয়মীয়াবাৰ্তা, ২৫ মে’: ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী তিনিচুকীয়াৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আজি জাপানীজ এনকেফেলাইটিছ, ডেংগু, মেলেৰীয়া তথা অন্যান্য বাহকজনিত ৰোগ নিয়ন্ত্ৰণ সন্দৰ্ভত জিলা টাস্ক ফ’ৰ্চৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। তিনিচুকীয়া জিলাৰ উপায়ুক্ত শ্ৰী স্বপ্নীল পালৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জয়ন্ত ভটাচাৰ্য্য, ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন তিনিচুকীয়াৰ সভাপতি ডা: ৰবীন চেতিয়া প্ৰমুখ্যে কৃষি, পশুপালন ও পশু চিকিৎসা, জলসিঞ্চন, শিক্ষা, স্বাস্থ্য আদি বিভাগ তথা পৌৰসভাৰ অন্যান্য বিষয়া- কৰ্মচাৰী, ৰেলৱে চিকিৎসালয়ৰ চিকিৎসক, তিনিচুকীয়া চেম্বাৰচ অব কমাৰ্চৰ প্ৰতিনিধি আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ প্ৰতিনিধি উপস্থিত থাকে।

সভাত জিলা মেলেৰীয়া বিষয়া তথা National Vector Borne Disease Control Programme ৰ জিলা প্ৰগ্ৰেম বিষয়া উজ্বলা বৰুৱাই জাপানীজ এনকেফেলাইটিছ, ডেংগু তথা মেলেৰীয়া সন্দৰ্ভত বিতং তথ্য সম্বলিত এক পাৱাৰ পইন্ট প্ৰেজেনটেচন আগবঢ়ায়।
জিলা উপায়ুক্তই বাহকজনিত ৰোগ প্ৰতিৰোধৰ বাবে জিলাখনত ব্যাপক সজাগতামূলক প্ৰচাৰ অভিযান চলোৱাৰ লগতে সংক্ৰমণ হব পৰা এলেকাত নিয়মিত ফগিং আৰু নলা-নৰ্দমা আদিত Temephos স্প্ৰে কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও বাহকজনিত ৰোগ বিয়পাব পৰা মহে বংশবৃদ্ধি কৰিব পৰা স্থান তথা উৎস চিনাক্ত কৰি যাৱতীয় ব্যৱস্থা লবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে। জাপানীজ এনকেফেলাইটিছৰ লগতে অন্যান্য বাহকজনিত ৰোগৰ পৰা হাত সাৰিবলৈ ৰাইজক সজাগ হোৱাৰ লগতে ব্যক্তিগত সুৰক্ষাৰ ওপৰত গুৰুত্ব দিবলৈয়ো জিলা উপায়ুক্তগৰাকীয়ে আহ্বান জনায়। বাসগৃহ, কাৰ্য্যালয় তথা অন্যান্য প্ৰতিষ্ঠানৰ ভিতৰত আৰু চৌপাশত পানী আৱদ্ধ হৈ থকা সকলোধৰণৰ সামগ্ৰী ততালিকে চাফা কৰিবলৈ পৰামৰ্শ দিয়ে। বহি: ৰাজ্যৰ পৰা অহা লোকসকলক জ্বৰ, মুৰৰ বিষ আদি যিকোনো লক্ষণ দেখা দিলে জৰুৰীকালীন ভাবে তেজ পৰীক্ষা কৰাৰ লগতে স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিবলৈয়ো পৰামৰ্শ দিয়ে। জনসাধাৰণ সজাগ আৰু সচেতন হোৱাৰ লগতে স্বাস্থ্য বিভাগ তথা সংশ্লিষ্ট বিভাগসমূহে সন্মিলিত প্ৰচেষ্টা আগবঢ়ালেহে জাপানীজ এনকেফেলাইটিছ, ডেংগু, মেলেৰীয়া তথা অন্যান্য বাহকজনিত ৰোগ প্ৰতিৰোধ কৰিব পৰা যাব বুলি জিলা উপায়ুক্তগৰাকীয়ে মন্তব্য আগবঢ়ায়।

প্ৰেৰক, সুৰজ দাস

You might also like