নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পোহৰৰ ব্যৱস্থা অবিহনেই সাত বছৰীয়া হল শদিয়াৰ ভূপেন হাজৰিকা সেতু

নিয়মীয়া বাৰ্তা, ২৫ মে’  : বৰ লুইতৰ পানছৈ ঘাট, অসমীলৈ নাও এৰি দিয়া নাওৰীয়া জন, আৰু সিপাৰলৈ চাই ৰোৱা এজাক জলপথৰ যাত্ৰী। এতিয়া নাই সেই ঘাট, নাওৰীয়া অথবা সিপাৰলৈ চাই ৰোৱা জলপথৰ যাত্ৰী জাক। এতিয়া সকলোয়ে যায় শদিয়ালৈ, বৰ লুইতৰ ওপৰেৰে আশাৰ হেপাঁহৰ দলঙেৰে। কাৰণ– বিশিষ্ট তথা প্ৰায়ত কণ্ঠ শিল্পী খগেন মহন্তই সেই তাহানিতেই গোৱাৰ দৰে (শদিয়া নো কি, ৰিং এটাৰ বাট) শদিয়া যেন আজি ৰিং এটাৰ বাট। উল্লেখ্য যে, শদিয়াবাসীৰ বিপদসংকুল নৌকা যাত্ৰাৰ অৱসান ঘটাবলৈ বিগত ২০১১ বৰ্ষত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ ওপৰত দক্ষিণে তিনিচুকীয়া জিলাৰ ছৈখোৱা(ধলা )আৰু উত্তৰে শদিয়া মহকুমাক সংযোগ কৰা দেশৰ দীৰ্ঘতম নদী দলং “ধলা-শদিয়া দলং”। পৰৱৰ্তী সময়ত ২০১৭ বৰ্ষৰ ২৬ মে’ত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মুডিয়ে ৰাইজৰ বাবে শুভ-উদ্বোধন কৰি ৯.১৫ কি.মি. দৈঘ্যৰ এচিয়া মহাদেশৰ ভিতৰত দ্বিতীয় আৰু ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম দীৰ্ঘতম এই দলং খন অসমবাসীৰ হিয়াৰ আমঠু ড° ভুপেন হাজৰিকাৰ নামত নামাকৰণ কৰিছিল। আনন্দত আত্মহাৰা হৈছিল প্ৰতিজন অসমীয়া। দলং শুভ-উদ্বোধনীৰ পাছত কাষৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশৰ সৈতে ব্যৱসায় বাণিজ্য তথা যোগাযোগৰ ক্ষেত্ৰত সুচল হৈ পৰাৰ লগতে অসমবাসীৰ হিয়াৰ আমঠু ড° ভুপেন হাজৰিকাৰ নামত নামাংকৃত হোৱা দেশৰ দীৰ্ঘতম দলং খনক এবাৰ স্বচক্ষে প্ৰতক্ষ কৰাৰ উদ্দেশ্য বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক লোকে আজিও ভিৰ কৰাহি পৰিলক্ষিত হয় এই ড° ভুপেন হাজৰিকা সেতুত । ন-দিহিং , টেঙাপানী, কুণ্ডলী, লুহিত আৰু দিবাং নদীৰ সংগমস্থলী তথা মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ ওপৰত নিৰ্মীত এই ড° ভুপেন হাজৰিকা সেতুৰ পৰাই ৰাজ্যৰ লগতে কাষৰীয়া ৰাজ্যৰ পৰাও সমন্বয়ৰ বাৰ্তা কঢ়িয়াই পুৱা গধূলি বহুলোকৰ আগমন হয় একমাত্ৰ পূব দিশত অৰুণাচলৰ আকাশত সূৰ্য্যোদয় আৰু পশ্চিমত সূৰ্য্য অস্তৰ মহাবাহুৰ বুকুত জিলিকি থকা দৃষ্টিনন্দন দৃশ্য উপভোগ কৰাৰ উদ্দেশ্যে। দলং শুভ-উদ্বোধনৰ সময়ত নিশা দলং খনত পোহৰেৰে আলোকিত কৰি ৰাখিবলৈ পোহৰৰ ব্যৱস্থা হৈ উঠা নাছিল যদিও পৰৱৰ্তী সময়ত পোহৰৰ ব্যৱস্থা কৰা কথা আছিল। কথা আছিল দেশৰ দীৰ্ঘতম নদী দলং ড° ভুপেন হাজৰিকা সেতুত কৰা হব “ছলাৰ লাইট”ৰ ব্যৱস্থা। কিন্তুু দলং উদ্বোধন হোৱা আজি ছটাকৈ বৰ্ষ অতিক্ৰম কৰি সপ্তম বৰ্ষত ভৰি দিবলৈ হল। আহা ২৬ মে’ত অৰ্থাৎ কাইলৈ ড° ভুপেন হাজৰিকা সেতুয়ে ভৰি দিব সপ্তমটো বৰ্ষত। কিন্তু আজি পৰ্যন্ত দেশৰ মানচিত্ৰত সৰ্বাটোতকৈ দীঘল দলং বুলি চিহ্নিত হোৱা এই ড° ভুপেন হাজৰিকা সেতুত পোহৰ অৰ্থাৎ “ছলাৰ লাইট”ৰ ব্যৱস্থা নকৰিলে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰ খনে। নিশা হলে দলঙৰ ওপৰেৰে পাৰ হোৱা যানবাহনৰ পোহৰৰ বাদে অন্ধকাৰে চানি ধৰে ড° ভুপেন হাজৰিকা সেতুত। দলঙত প্ৰায়েই শুনিবলৈ পোৱা যায় দূৰ্ঘটনাৰ খবৰ, আৰু এই দলঙতেই দূৰ্ঘটনা সংঘটিত হোৱা বহু জনে ইতিমধ্যে প্ৰাণ হেৰুৱালে। আৰু উক্ত দূৰ্ঘটনা সমূহৰ বিভিন্ন কাৰণ সমূহৰ ভিতৰত পোহৰৰ ব্যৱস্থা নথকাটোও এটা অন্যতম কাৰণ হিচাপে অভিহিত কৰিব বিচাৰে সচেতন মহলে। দেশৰ নিৰাপত্তা দিশৰ পৰাও অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত এই ড° ভুপেন হাজৰিকা সেতুত ৰাইজে পোহৰৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে। কিন্তু চৰকাৰে ৰাইজৰ এই দাবীক সহাৰি জনাব কোন দিনা? সেইয়া হৈছে আজিৰ দিনত লাখটকীয়া প্ৰশ্ন …….!
প্ৰেৰক ঋতুপৰ্ণ সোনোৱাল
You might also like