নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনঃ নিৰ্দলীয় প্ৰাৰ্থী দীপেন কোঁৱৰৰ প্ৰচাৰ আমচৈ অঞ্চলত তীব্ৰতৰ

নিয়মীয়া বাৰ্তা,১১ ডিচেম্বৰঃ তিৱা স্বায়ত্ত পৰিষদৰ ২৫ নং। চহৰী সমষ্টিত চাৰি গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে । এই প্ৰাৰ্থী সকলৰ ভিতৰত নিৰ্দলীয় প্ৰাৰ্থী দীপেন কোঁৱৰৰ আটাইতকৈ অধিক হোৱা পৰিলক্ষিত হৈছে। প্ৰাৰ্থী গৰাকীয়ে ফুটবলৰ প্ৰতীক লৈ প্ৰতিদিন সমগ্ৰ অঞ্চলত বাইক ৰেলী কৰি নিজৰ সমৰ্থনত। গীত বজাই প্ৰচাৰ অভিযান চলাই আছে । আমচৈ অঞ্চলৰ কিছু সংখ্যক বিজেপি দলৰ নেতাও নিৰ্দলীয় প্ৰাৰ্থী গৰাকীক নিজ দলৰ প্ৰাৰ্থী মোহন সেনাপতিৰ বিৰোধীতা কৰি প্ৰচাৰ অভিযানত প্ৰত্যক্ষ ভাবে অংশ গ্ৰহণ কৰি আছে । বিজেপি দলৰ এই নেতা সকলৰ কাৰোকাৰ্যই আমচৈ অঞ্চলৰ সকলোকে আচৰ্যান্বিত কৰি তুলিছে

You might also like