নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল
আজি ১২ জানুৱাৰী, পুহ মাহৰ ২৭ তাৰিখ
বৃহস্পতিবাৰঃ তিথি–কৃষ্ণা ষষ্ঠী, নক্ষত্রঃ পূর্বফাল্গুনী, যাত্রাঃ নাই

মেষঃ উপার্জনৰ ক্ষেত্রত শুভ ফল লাভ কৰিব৷ যান–বাহন, ভূমি লাভৰ সুযোগ পাব৷ ব্যৱসায়ত উন্নতি কৰাৰ থল আছে৷ প্রেমত বাধা৷

বৃষঃ দুর্ঘটনা আদিৰ পৰা সাৱধান হ’ব৷ ভৰিত আঘাত পোৱাৰ সম্ভাৱনা আছে৷ চাকৰিয়ালৰ পক্ষে মাহটো শুভ৷ বিদ্যার্থীসকলৰ বাধা৷

মিথুনঃ শৰীৰ ভাল দেখা নাযায়৷ ভ্রমণত সাৱধান৷ প্রেমৰ ক্ষেত্রত হতাশা৷ আশাভংগ হ’ব পাৰে৷ আনৰ চেষ্টাত ভুল বুজাবুজি দূৰ হ’ব৷ বিদ্যার্থীৰ শুভ৷

কর্কটঃ পতি–পত্নীৰ মাজত ঘৰুৱা বিষয়ক লৈ মতভেদ সৃষ্টি হ’ব পাৰে৷ ভ্রমণৰ যোগ আছে৷ চাকৰিয়ালৰ বাবে দিনটো শুভ৷ সোমবাৰে নিৰামিষ আহাৰ খাব৷

সিংহঃ প্রেম বিবাহ প্রার্থীৰ বিবাহত বাধা৷ প্রেমত হতাশা আনিব৷ ভ্রমণত সাৱধান৷ দাম্পত্য জীৱন সুখকৰ হ’ব৷ ব্যৱসায়ীসকলৰ শুভ৷

কন্যাঃ কর্মক্ষেত্রত শুভ ফল লাভ কৰিব৷ অর্থৰ অভাৱ নহ’ব৷ ব্যৱসায়ৰ ক্ষেত্রত আকস্মিক পৰিৱর্তন আহিব৷

তুলাঃ প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হ’ব পাৰিব৷ বিদ্যার্থীসকলে উচ্চ শিক্ষাৰ আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হ’ব৷ প্রেমত শুভ৷

বৃশ্চিকঃ দৈহিক ক্ষেত্রত সতর্ক হৈ নচলিলে বিপদত পৰিব পাৰে৷ কৃষকসকলৰ বাবে শুভ৷ চাকৰিয়ালৰ পদোন্নতিৰ যোগ৷ সম্পত্তি লাভৰ যোগ৷

ধনুঃ সন্তানৰ ক্ষেত্রত শুভ নহ’ব৷ প্রেম–প্রীতিত হতাশা৷ ভ্রমণ নকৰাই ভাল৷ দাম্পত্যত সুখ৷ উপার্জন বৃদ্ধি পাব৷

মকৰঃ ব্যৱসায়ীসকলৰ বাবে মাহটো শুভ৷ প্রচুৰ অর্থপ্রাপ্তিৰ সম্ভাৱনা৷ ভ্রমণত সাৱধান হওক৷ প্রেমত ব্যর্থ হ’ব পাৰে৷

কুম্ভঃ বিদ্যার্থীৰ মধ্যম৷ মামলা–মোকর্দমাৰ পৰা দূৰত থকা ভাল৷ পিতৃ–মাতৃৰ স্বাস্থ্যৰ বাবে চিন্তিত হ’ব৷ সামাজিক সুনাম হানি হোৱাৰ সম্ভাৱনা আছে৷ প্রেমত বাধা৷

মীনঃ ঘৰুৱাত ভাল৷ দাম্পত্যত শুভ৷ ভ্রাতাৰ কর্মপ্রাপ্তিৰ যোগ৷ বিয়াৰ বার্তা আছে৷ চুটি ভ্রমণ হ’ব পাৰে৷ শৰীৰৰ প্রতি যত্ন ল’ব৷ প্রেমত শুভ৷ বিদ্যার্থীৰ শুভ৷

You might also like